/asomiyapratidin/media/media_files/2025/08/19/1-2025-08-19-22-06-38.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত চলি থকা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে আজি জলসম্পদ বিভাগৰ হাইট্ৰ’ ইনফৰ্মেটিক্স ইউনিট (HIU)ৰ ১১ জনীয়া বিশেষজ্ঞ দল এটা কোকৰাডাঙাত উপস্থিত হৈ খহনীয়া পৰিদৰ্শনৰ লগতে স্থায়ী প্ৰতিৰোধৰ বাবে পৰীক্ষামূলক ভাৱে ড্ৰ’নেৰে জৰীপ চলায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/19/whatsapp-image-2025-08-19-22-06-56.jpeg)
উল্লেখযোগ্য যে, বিগত প্ৰায় এমাহ ধৰি কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া চলি থকাৰ সমান্তৰাল ভাৱে জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগেৰে প্ৰতিৰোধৰ চেষ্টা চলাই আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/19/whatsapp-image-2025-08-19-22-07-12.jpeg)
খহনীয়াই আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথৰ কাষ চপাত আজি বিয়লি প্ৰায় ৬ বজাত জলসম্পদ বিভাগৰ HIU ৰ ১১ জনীয়া দল কোকৰাডাঙাত উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰে।
ইয়াৰ পাচত বিশেষজ্ঞ দলটোৱে ড্ৰ’নৰ সহয়ায়ত বাংলাদেশ সীমান্তৰ শিশুমাৰা বিএছএফ কেম্পৰ পৰা মালিৰ আলগা গাঁও পঞ্চায়তলৈ ড্ৰ’নৰ জৰিয়তে পৰীক্ষামূলক জৰীপ চলায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/19/whatsapp-image-2-2025-08-19-22-07-33.jpeg)
খহনীয়াৰ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আনি সীমান্ত সংযোগী পথটো ৰক্ষাৰ বাবে বিশেষজ্ঞৰ দলটোৱে জলসম্পদ বিভাগক পৰামৰ্শ প্ৰদান কৰিবলৈ কাইলৈ মূল জৰীপ চলাব বুলি বিশেষজ্ঞ দলে জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us