/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/VAL-LOGA-NAI.jpg)
ডিজিটেল ডেস্কঃ কালিলৈ ঘৰলৈ গৈ আছো। ভাল অনুভৱেৰে নহয়- বিৰাট কোহলীৰ এই টুইট এতিয়া সামাজিক মাধ্যমত ভাইৰেল। টি-২০বিশ্বকাপত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজৰ খেলখনে ভাৰতৰ শেষ আশাও নিৰ্বাপিত কৰাৰ পিছত এই টুইট ভাইৰেল হৈ পৰিল। প্ৰথম দুখন মেচত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে হতাশজনক প্ৰৰ্দশনেৰে ভাৰতীয় অনুৰাগীক টীম ইণ্ডিয়াই নিৰাশ কৰিছিল।
তাৰ পাছতো আশা কৰি আছিল কিবা এক মিৰাকল হ'ব। আফগানিস্তানৰ হাতত কেনেবাকৈ নিউজিলেণ্ড পৰাস্ত হ'লে টি-২০ বিশ্বকাপত ভাৰতৰ বাট মুকলি হ'ব। কিন্তু সেয়া নহ'ল। ধৰাশায়ী হ'ল নিউজিলেণ্ডৰ হাতত আফগানিস্তান। হতাশগ্ৰস্ত ভাৰতীয় ক্ৰিকেট প্ৰেমী। তাৰ পাছতে ভাইৰেল হল কোহলীৰ এই টুইট।
কিন্তু ছচিয়েল মিডিয়াত ভাইৰেল হোৱা কোহলীৰ এই টুইট আছিল প্ৰায় ৯বছৰ পুৰণি। ২০১২ৰ ২০মাৰ্চৰ নিশা ১১বাজি ১২মিনিটত কোহলীয়ে এই টুইট কৰিছিল। এচিয়া কাপৰ সময়ত কোহলীয়ে এই টুইট কৰি লিখিছিল- কাইলৈ ঘৰলৈ উভতি গৈ আছো, কিব এটা ভাল নলগা অনুভৱেৰে। সেই টুইটে পুনৰ প্ৰাসংগিক হৈ পৰিল। টি-২-বিশ্বকাপ ২০২১ত ভাৰতৰ বিদায় নিশ্চিত হোৱাৰ পাছত সেয়েহে ৯বছৰ পুৰণি কোহলীৰ এই পুৰণি টুইটকে কোনোবাই ছচিয়েল মিডিয়াত এৰি দিলে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us