কচুতলিত নিতৌ চলিছে অবৈধ বালি খনন...

একাংশ উচ্ছেদিতই পুনৰ কচুতলিলৈ উভতি আহি এই বালি বিক্ৰী কৰিয়েই এতিয়া দুবেলা দুসাজ মোকলোৱাৰ উপৰিও পৰিয়ালৰ ভৰণ -পোষণ দিবলৈ সক্ষম হৈছে ...........

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,সোণাপুৰঃ  সোণাপুৰৰ কচুতলিত বিগত প্ৰায় ডেৰ মাহ ধৰি উচ্ছেদিত লোকসকলে এতিয়া ডিগাৰু নৈত ব্যাপক হাৰত অবৈধ ভাৱে বালি খনন কৰি আহিছে। প্ৰতিদিনেই পুৱাই ৫খন নাৱৰ সহায়ত নদীৰ বুকুৰ পৰা সংগ্ৰহ কৰা বালি ডিমৰীয়াৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাৱে সৰবৰাহ কৰা হয়।

Advertisment

ইয়াৰ ফলত চৰকাৰে ব্যাপক হাৰত ৰাজহ হেৰুৱাৱ লগীয়া হোৱাৰ বিপৰীতে একাংশ উচ্ছেদিতই পুনৰ কচুতলিলৈ উভতি আহি এই বালি বিক্ৰী কৰিয়েই এতিয়া দুবেলা দুসাজ মোকলোৱাৰ উপৰিও পৰিয়ালৰ ভৰণ -পোষণ দিবলৈ সক্ষম হৈছে। আনকি বালি বিক্ৰী কৰি পোৱা টকাৰে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গোচৰ চলাই থকাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

কিয়নো প্ৰতিদিনে ৪০/৫০ হাজাৰ টকাৰ বালি অবৈধ ভাৱে বিক্ৰী হয় সোণাপুৰৰ কচুতলিত। আজি জিলা প্ৰশাসন, বন বিভাগ আৰু আৰক্ষীয়ে স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত কচুতলিত অভিযান চলাই ডিগাৰু নৈত বালি তোলা ২খন নাও আৰু বালি তোলা বহু সামগ্ৰী জব্দ কৰি নদী পথেৰে সোণাপুৰলৈ লৈ আহে।

আনহাতে সোণাপুৰত কচুতলিত ৪ এপ্ৰিলৰ চতুৰ্থ পৰ্যায়ৰ উচ্ছেদৰ দুমাহৰ পাছত পুনৰ একাংশ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে কচুতলি অঞ্চল। তিৰপাল,কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছে জুপুৰি সদৃশ বাসগৃহসমূহ।

এই  প্ৰতিটো উচ্ছেদিত পৰিয়ালৰ পৰা ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ নামত ২২হাজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰিছে একাংশ দালালে। যাৰ সাহসত পুনৰ শ শ উচ্ছেদিত লোক কচুতলিলৈ উভতি আহি এতিয়া পুনৰ জনজাতীয় আৱেষ্টনীৰ চৰকাৰী ভূমি বেদখল অভিযান আৰম্ভ কৰিছে।

কচুতলি