কবিতা ১০১/ কৰোনা

কবিতা ১০১/ কৰোনা

- মনোজ এম নেওগ

অনুগ্ৰহ কৰিছো

কাষলৈ নাহিব মোৰ

স্পৰ্শ নকৰিব মোক

একান্তই আপোন হ'লেও

আপোনাৰ কাষলৈ নাযাওঁ মই

অভিমানৰ বেলুন ফুলাই

থাকিম দূৰে দূৰে

জুয়ে পানীক ভয় কৰাৰ দৰে

ময়ো ভয় কৰো আপোনাক

ভহৱান, আল্লা, গডৰ দুৱাৰ বন্ধ

অসহায় মানুহ

আকাশলৈ চাই হুমুনিয়াহ

নিৰুদ্দেশ ইশ্বৰ

বন্ধ বজাৰ, বন্ধ উৎসৱ, বন্ধ পাঠশালা

বন্দী সকলো

ঘৰবোৰ যেন কাৰাগাৰ

চৌদিশে মৃত্যুৰ খেলা

ছন্দত নাচিছে প্ৰকৃতি

উলাহত ঘূৰিছে পৃথিৱী

কৰোনা

কৰুণা কৰা

অসহায় আমি ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in