/asomiyapratidin/media/media_files/2025/09/15/sddsdsdsdsdsd-2025-09-15-18-14-45.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিন্টু গগৈ মুক্তিৰ দাবীত গোলাঘাট থানা ঘেৰাও কৰে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে। প্ৰবল প্ৰতিবাদত গোলাঘাট প্ৰশাসন সেও মানি বিদ্যুৎ শইকীয়া আৰু পিন্টু গগৈক সোমবাৰে বিয়লি মুক্তি কৰি দিয়ে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নুমলীগড়লৈ অহাৰ আগদিনা সংগঠন দুটাই কলা পতাকালৈ সমদল কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেওবাৰে প্ৰধানমন্ত্ৰী অহাৰ আগমুহূৰ্তত নুমলীগড় আৰক্ষীয়ে পিন্টু গগৈক দৈগ্ৰোঙৰ ঘৰৰ পৰা আটক কৰে। ইফালে, বিদ্যুৎ শইকীয়াকো ঘিলাধাৰী থানাৰ আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰি আনি গোলাঘাট থানাত ৰাখে ৷ দুয়োকে মুক্তিৰ দাবীত সংগঠন দুটাই গোলাঘাট থানাত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আৰক্ষীয়ে বিদ্যুৎ শইকীয়া আৰু পিন্টু গগৈক মুকলি কৰি দিয়ে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us