/asomiyapratidin/media/media_files/2025/10/22/ap-web-sivsagar-2025-10-22-19-51-35.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে শিৱসাগৰত প্ৰতিবাদী সমদল উলিয়ায়। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ ৷
তিনিওটা সংগঠনে যোৱা ২০ নৱেম্বৰৰ পৰা ৪৮ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰি আছিল। আজি অনশন কাৰ্য্যসূচীৰ অন্ত পৰাৰ পাছতে চহৰৰ মাজমজিয়াৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদী মিচিল বাহিৰ কৰে ৷
জুবিন গাৰ্গৰ ন্যায় বিচাৰি উলিওৱা প্ৰতিবাদী সমদলত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰত বিস্ফোৰণ ঘটাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই ৷
চৰকাৰে চৰকাৰৰ পৰা ন্যায় বিচৰা প্ৰক্ৰিয়া আৰু আমিও জুবিন তুমিও জুবিন শ্ল’গানৰ পৰা অসমৰ ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই ৷
তেওঁ কয় যিটো দলৰ চৰকাৰ কেন্দ্ৰ, ৰাজ্য তথা পঞ্চায়ত পৰ্য্যায়লৈকে চলি আছে সেই দলটোৱে আজি ৰাজপথত নামি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিব লগা হৈছে । তেওঁলোকে প্ৰকৃত আৰু নকল জুবিন অনুৰাগীৰ সংজ্ঞা নিৰূপণ কৰি অসমৰ লাখ লাখ জনতাক উপহাস কৰিছে ৷
তেওঁ আৰু কয়, আজি বিজেপিয়ে প্ৰকৃত আৰু নকল জুবিন অনুৰাগীৰ সংজ্ঞা দি এটাই প্ৰমাণিত কৰিলে যে ইমান দিনে চৰকাৰখনে ভেঁকোভাওনা কৰি থকাৰ লগতে তদন্তৰ নামত নাটক কৰি আছিল ৷ জুবিন গাৰ্গে জীৱিত কালতে গৰু বুলি আখ্যা দিয়া এজনক আজি নলবাৰীত পিঠিত ষ্টিকাৰ লগোৱাৰ দায়িত্ব দিছে। জুবিন গাৰ্গে তেওঁক গৰু বুলি আখ্যা দিছিল আৰু এতিয়া তেওঁ গৰু চোৰ ওলাল ৷
জুবিন দা জীয়াই থাকোতে যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি আখ্যা দিছিল । চৰকাৰে চৰকাৰ ওফৰাই দিম বুলি কৈছিল । সেইজন মুখ্যমন্ত্ৰীয়ে জুবিনদাক কি ন্যায় দিব বুলিও প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই ৷ লগতে শ্যামকানু মহন্তক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কোন কোন চৰকাৰী বিভাগে ধন দিছিল । সিদ্ধাৰ্থ শৰ্মাক যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব কোনে প্ৰদান কৰিছিল তাক লৈ মুখ্যমন্ত্ৰীয়ে কিয় প্ৰশ্ন নকৰে বুলিও তেওঁ কয় ৷
বিদ্যুৎ শইকীয়া ইমানতে শান্ত নাথাকি কয়, পবিত্ৰ মাৰ্ঘেৰিটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অংশ আছিল । তেওঁ ছুপাৰমেনৰ দৰে কেন্দ্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ'ল কিন্তু তেওঁ কি কৰিব লাগে কি কৰি আছে ? তেওঁ মনে মনে কিয় আছে ? যিটো দলে তেওঁক শিশু দালালৰ পৰা পূৰ্ণ দালাল হিচাপে প্ৰতিষ্ঠা কৰিলে সেইজন পবিত্ৰ মাৰ্ঘেৰিটাই আজি নীৰৱ ভূমিকা পালন কৰিছে ?
লগতে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল । এতিয়া এই চৰকাৰখনে আকৌ জুবিন গাৰ্গক হত্যা কৰিব বুলিও মন্তব্য কৰি ক্ষোভ উজাৰে বিদ্যুৎ শইকীয়াই ৷