/asomiyapratidin/media/media_files/2025/10/23/1-2025-10-23-20-11-00.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: "অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত প্ৰতিগৰাকী হত্যাকাৰীক চিনাক্ত কৰি তুৰন্তে ফাঁচী দিব লাগিবই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃত প্ৰভা মহন্তবাহিনীৰ ওপৰত চি আই ডিৰ তদন্ত প্ৰত্যাহাৰ কৰি এই গোচৰৰ দায়িত্ব চি বি আইক প্ৰদান কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহুত নাটক দেখি আহিছো।চিংগাপুৰলৈ যোৱা অন্যান্য সকলৰ লগতে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাকো তদন্তৰ আওতালৈ আনি জেৰা কৰক , এই গোচৰ ফাষ্ট ট্ৰেক আদালতৰে জৰিয়তে বিচাৰ কৰি দোষীক ফাঁচী দিয়াৰ ব্যৱস্থা কৰক"- এই দাবী সম্বলিত মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
জুবিন গাৰ্গৰ প্ৰতিগৰাকী প্ৰকৃত অনুৰাগীৰ ঐক্যবদ্ধ এই দাবী যদি কাৰ্যকৰী নকৰে চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ,তেন্তে এইবাৰ অসম জ্বলিব বুলিও সকীয়াই দি অসমৰ এক জাতীয় সম্পদকলৈ হিমন্ত বিশ্ব শৰ্মাই চলাই অহা নাটক আৰু সহ্য কৰা নহব বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোহাঁইয়ে ।
বৃহস্পতিবাৰে ঢকুৱাখনা জিলা কৃষক মুক্তিৰ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় নেতা গৰাকীয়ে এই সকীয়নী দিয়ে। ঢকুৱাখনা নগৰৰ গণেশ গগৈ প্ৰেক্ষাগৃহৰ সন্মুখত জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল জুবিন হত্যাৰ ন্যায় বিচাৰি এক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী। দুপৰীয়া ১১ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত এই অৱস্থান কাৰ্যসূচীত জিলা সমিতিৰ অৰ্ধ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
কেন্দ্ৰীয় নেতা অজিত পেগু , মেদিনী দলে,ঢকুৱাখনা জিলা সমিতিৰ নেতা প্ৰহ্লাদ গগৈ ,দীপাংকৰ গগৈ ,ললিত দিহিঙীয়া, নিপুল গগৈ ,ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা পদ্মকান্ত দলে, জিলা নেতা নীলমণি গগৈ আদি উপস্থিত থকা কাৰ্যসূচীত জুবিন হত্যাৰ বিচাৰ লাগে , জুবিন হত্যাকাৰীক ফাঁচী দিয়ক, শ্যামকানো বাহিনীৰ মুখ্য সহযোগী ৰিণিকী ভূঞা শৰ্মাক জেৰা কৰি গ্ৰেপ্তাৰ কৰক, কৃষক মুক্তি জিন্দাবাদ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ , আমাক ন্যায় লাগে আদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।
কাৰ্যসূচীৰে মাজতে কৃষক মুক্তিৰ বহু কেইগৰাকী নেতৃত্বই বক্তব্য আগবঢ়াই জুবিন হত্যাৰ তদন্তৰ নামত এক কুটিল ৰাজনীতি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা বুলি অভিযোগ উত্থাপন কৰি যি চি আই দিয়ে এবছৰে ঢকুৱাখনাৰ জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ সন্ধান উলিয়াব নোৱাৰিলে সেই অকমন্য চি আই দিয়ে জুবিন হত্যাকাৰীক কি উলিয়াব বুলি প্ৰশ্ন উত্থাপন কৰে ।
সমাগত নিৰ্বাচনৰ বৈতৰণী পাৰ হবলৈ জুবিনক হাথিয়াৰ কৰি সমগ্ৰ ঘটনাক লৈ নাটক আৰম্ভ কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় নেতৃত্বই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰচনা ,পৰিচালনা আৰু অভিনয়ৰ লগতে গনবিচ্ছিন্ন গেৰুৱা দলৰ সহযোগিতাত এই নাটক আৰম্ভ হোৱা বুলিও মন্তব্য কৰি এগৰাকী জাতীয় সম্পদৰ মৃত্যুক লৈ নির্লজ হেতালি খেলা হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সমুচিত প্ৰত্যুত্তৰ যথা সময়ত পাব বুলিও সকীয়াই দিয়ে ।
প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায় বিছাৰি আৰম্ভ হোৱা গণতান্ত্ৰিক সংগ্ৰামত অসমবাসী মৰিবলৈকো ভয় নকৰে বুলি দোহাৰী যেতিয়া লৈকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে ন্যায় বিচৰা প্ৰতিবাদ চলি থাকিব বুলি সকীয়াই দি কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত ত্ৰস্তমান মুখ্যমন্ত্ৰীয়ে এই স্পৰ্শকাতৰ বিষয়টোকলৈ আৰম্ভ কৰা কুটিল ৰাজনীতিৰ বাবেই ভৱিষ্যতত অসম জ্বলিব বুলিও সতৰ্ক কৰি দিয়ে । প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ ঢকুৱাখনা সমজিলাৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়াৰ জৰিয়তে প্ৰেৰণ কৰে কৃষক মুক্তিয়ে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us