তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক গ্ৰেপ্তাৰ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ মুক্তিৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটীৰ গান্ধীবস্তীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
JKLSJOUAIOJASKS

ডিজিটেল সংবাদ, গুৱাহাটীঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটীৰ গান্ধীবস্তীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্ত, পিণ্টু গগৈ লগতে কাৰ্য্যকৰী সভাপতি আল মোস্তাফিজুৰ ৰহমান, উপ-সভাপতি ধনজিৎ বৈশ্য, ফিৰদোচ জিন্না, শ্বাহানুৰ ইছলামৰ উপস্থিতিত আয়োজিত এই সংবাদমেলত অসম আন্দোলনৰ ফলশ্ৰুতিত ১৯৯৪ চনত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত বিৰাজমান শৈক্ষিক আৰু প্ৰশাসনিক স্খলনৰ বিপজ্জনক অৱস্থাৰ অৱহেলা আৰু বহু কোটি টকাৰ ৰাজহুৱা পুঁজি অপব্যৱহাৰৰ অতি গুৰুতৰ অভিযোগ উত্থাপন কৰি বিগত তিনিমাহৰো অধিক দিন বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী-শিক্ষক-কৰ্মচাৰী সকলে ধাৰাবাহিকভাৱে কৰা প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়। 

সংগঠনটোৰ নেতৃত্বই কয় যে, "বিতৰ্কিত, দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙৰ নেতৃত্বত তেজপুৰ বিশ্ববিদ্যালয় এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে নিজৰ মৰ্যাদা, নৈতিকতা আৰু শৈক্ষিক উদ্দেশ্য সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে।" সংবাদমেলত লগতে উল্লেখ কৰা হয় যে, "অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ সময়ত উপাচাৰ্যৰ ভূমিকা আছিল সম্পূৰ্ণৰূপে অসংবেদনশীল আৰু অহংকাৰপূৰ্ণ। ৰাজ্য চৰকাৰে চৰকাৰী শোক ঘোষণা কৰি শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পাছতো বিশ্ববিদ্যালয় প্ৰশাসনে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত উপাচাৰ্যই “এইখন এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কথাবোৰ ধেমেলীয়া নকৰিব” বুলি কৰা মন্তব্যই বিশ্ববিদ্যালয় প্ৰশাসনৰ মানসিক দৈন্য আৰু স্বেচ্ছাচাৰী মনোভাৱ স্পষ্ট কৰি তোলে বুলি সংগঠনটোৱে কয়।

এই সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগসমূহ উপস্থাপন কৰি কয় যে, বিশ্ববিদ্যালয় খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনি অবিহনে খৰখেদাকৈ নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। অতিথি শিক্ষকসকলক হঠাতে অব্যাহতি দি গৱেষক ছাত্ৰসকলক অতি নগণ্য মাননীৰে পাঠদান কৰিবলৈ বাধ্য কৰোৱাৰ ফলত শৈক্ষিক মান আৰু গৱেষণাৰ পৰিৱেশ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্লেচমেণ্ট চেল প্ৰায় সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অনিশ্চিত কৰি তোলা হৈছে।

আনহাতে, সংবাদমেলত হোষ্টেলসমূহৰ শোচনীয় অৱস্থা, নতুন হোষ্টেলত কম দিনৰ ভিতৰতে দেৱালত ফাট মেলা, অগ্নিনিৰ্বাপক ব্যৱস্থাৰ অভাৱ আদিকো গুৰুতৰ সুৰক্ষা ব্যৰ্থতা বুলি উল্লেখ কৰা হয়। আন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তুলনাত তেজপুৰ বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু ষাণ্মাসিক মাছুল অত্যাধিক বেছি হৈ দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ বাবে বোজা হৈ পৰিছে বুলি সংগঠনটোৱে কয়।

ইফালে, ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি সংগঠনটোৰ নেতৃত্বই কয় যে, বিশ্ববিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে ব্যৱহাৰ হ’ব লগা ৰাজহুৱা পুঁজি ব্যাপকভাৱে অপব্যৱহাৰ কৰা হৈছে। আনহাতে পুথিভঁৰালৰ নামত প্ৰায় ৬ কোটি ৫০ লাখ টকা, ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰায় ১৫ কোটি টকা, সুৰক্ষা বাহিনী নিয়োগত ৭০ লাখ টকা, প্ৰকল্পৰ বাবদ ৭ কোটি টকা, ছেমিকণ্ডাক্টৰৰ সামগ্ৰী ক্ৰয়ত  ১ কোটি ৫০ লাখ টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰে। আৰু দেশ-বিদেশৰ ভ্ৰমণৰ নামত টিউচন বাবদ ৪৯ লাখৰো অধিক টকা জধে-মধে ব্যয় কৰা, টিউচনৰ ১ কোটি  ৫৬ লাখ টকা, ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয়তাক লৈ ৫১ লাখ টকা, চিকিৎসাৰ ৩০ লাখ টকা, পৰীক্ষাগাৰৰ ৫৬ লাখ টকা, ছাত্ৰাবাসৰ নামভৰ্তিৰ ২ কোটি টকা, পৰিবহণৰ ১ কোটি টকা, আন্তঃগাঁথনিৰ ১ কোটি ১২ লাখ টকা, ফোন–বিদ্যুৎ–পানীৰ বাবদ ৪০ লাখ টকা, ছাত্ৰ-ছাত্ৰীৰ পুঁজিৰ ১৫ লাখ টকা, বিভিন্ন বিভাগৰ উন্নয়ন পুঁজিৰ ২ কোটি ৫৬ লাখ টকা আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা অনুমোদন হোৱা ২০ কোটি টকাৰো অধিক পুঁজিৰ ব্যয় ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে বুলি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সকলে লিখিত দাবী উথ্থাপন আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কিয় আৰু কাৰ ক্ষমতাৰ শক্তিৰ বাবে শম্ভুনাথ সিঙ আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই এই কথা কেন্দ্ৰীয় চৰকাৰ শিক্ষামন্ত্ৰী গৰাকীৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ষ্পষ্ট কৰিব লাগে বুলি উল্লেখ কৰে।

সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পিণ্টু গগৈয়ে কঠোৰ ভাষাত কয় যে, “তেজপুৰ বিশ্ববিদ্যালয় কোনো ব্যক্তিৰ ব্যক্তিগত সাম্ৰাজ্য নহয়। এইখন এখন ৰাজহুৱা প্ৰতিষ্ঠান। অথচ উপাচাৰ্য শম্ভুনাথ সিঙৰ শাসনকালত এই বিশ্ববিদ্যালয়খন অহংকাৰ, স্বেচ্ছাচাৰ আৰু ভয়ংকৰ দুৰ্নীতিয়ে গ্ৰাস কৰিছে। কোটি কোটি টকাৰ ৰাজহুৱা পুঁজি কেনেকৈ, কাৰ স্বাৰ্থত আৰু কিমান স্বচ্ছতাৰে ব্যয় কৰা হ’ল—তাৰ কোনো জবাব উপাচাৰ্যই আজিলৈকে দিব পৰা নাই। এইবোৰ কেৱল অংকৰ কথা নহয়; এইবোৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ আৰু এখন বিশ্ববিদ্যালয়ৰ নৈতিক অস্তিত্ব।”

তেওঁ লগতে উল্লেখ কৰে যে,  ছাত্ৰ-ছাত্ৰী-শিক্ষক-কৰ্মচাৰী সকলৰ পৰা ইমানবোৰ গুৰুতৰ অভিযোগ ওলাই অহাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ হস্তক্ষেপ কিয় দেখা নাই, সেয়া অতি ৰহস্যজনক আৰু গুৰুতৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী এই বিষয়ত কিয় সম্পূৰ্ণ মৌন? মুখ্যমন্ত্ৰীয়ে বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙক সুৰক্ষা দিব বিচাৰিছে নেকি—এই সন্দেহ ৰাইজৰ মনত স্বাভাৱিকভাৱেই উদয় হৈছে বুলি মন্তব্য কৰে। 

লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাপু দত্তই ষ্পষ্টকৈ দাবী জনায় যে, শীঘ্ৰেই বিতৰ্কিত আৰু দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙক গ্ৰেপ্তাৰ কৰি তেজপুৰ বিশ্ববিদ্যালয়ত সংঘটিত সকলো দুৰ্নীতি আৰু অনিয়মৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিব লাগিব। তাৰ লগতে বিশ্ববিদ্যালয়খনত পুনৰ এক সুস্থ গণতান্ত্ৰিক আৰু শিক্ষাৰ উপযোগী বাতাবৰণ ঘূৰাই আনিবলৈ তৎক্ষণাত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।”

লগতে এই প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰী সকলৰ দাবীৰ প্ৰতি সমৰ্থন জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কঠোৰভাৱে তলত উল্লেখিত দাবীসমূহ উত্থাপন কৰে—
১) তেজপুৰ বিশ্ববিদ্যালয়ত সংঘটিত সকলো অনিয়ম আৰু দুৰ্নীতিৰ তদন্তৰ বাবে এক উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত কমিটি গঠন কৰক।
২)  শম্ভুনাথ সিঙক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি উপাচাৰ্যৰ পদৰ পৰা অপসাৰণ কৰক।
৩) প্ৰশাসনৰ নিয়ন্ত্ৰণত চলি থকা ব্যৱস্থা অন্ত কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এক স্বতন্ত্ৰ ছাত্ৰ একতা সভা গঠনৰ ব্যৱস্থা কৰক।

সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক মৰ্যাদা, গণতান্ত্ৰিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত এই সংগ্ৰাম আগন্তুক দিনত আৰু অধিক তীব্ৰ ৰূপ ল’ব।

তেজপুৰ বিশ্ববিদ্যালয়