খাৰুপেটীয়াত গুলীচালনা! আহত এজন যুৱক

অনন্ত বিশ্বাসৰ জুৱেলাৰী দোকানত সংঘটিত হয় এই গুলীচালনা। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (24)

ডিজিটেল ডেস্কঃ দৰঙৰ খাৰুপেটীয়াত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্য। গুলীচালনাত গুৰুতৰভাৱে আহত এজন লোক। গুলীচালনাত গুলীবিদ্ধ হয় মুন্না সাহা নামৰ লোকজন।

Screenshot (7850)

 উল্লেখ্য যে, নিশা দুজন লোকৰ মাজত ধনকলৈ হৈছিল কাজিয়া। কাজিয়াৰ সূত্ৰপাত হৈছিল মুন্না সাহা আৰু অনন্ত বিশ্বাসৰ মাজত। ইপিনে মুন্না সাহা নামৰ লোকজনে সুদৰ ধন দিছিল অনন্ত বিশ্বাসক। অনন্ত বিশ্বাসৰ জুৱেলাৰী দোকানত সংঘটিত হয় এই গুলীচালনা। 

Screenshot (7851)

ইপিনে গুলীচালনাৰ পিছতেই উপস্থিত হয় আৰক্ষীৰ দল। গুৰুতৰভাৱে আহত মুন্না সাহাক প্ৰেৰণ কৰে GMCHলৈ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টলসহ গুলী। আৰক্ষীয়ে জব্দ কৰে 9mm পিষ্টল, দুই জাঁই সজিব গুলী। ইপিনে আৰক্ষীয়ে আটক কৰিছে ব্যৱসায়ী অনন্ত বিশ্বাসক। 

খাৰুপেটীয়া