/asomiyapratidin/media/media_files/2025/10/17/ujjjdd-2025-10-17-23-57-04.jpg)
ডিজিটেল ডেস্কঃ সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন। দিন যিমানেই চমু চাপিছে, সিমানেই নেতাৰ মাজত বৃদ্ধি পাইছে কথাৰ কটাকটি। এইবাৰ বিহাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এক পৰাভূত কৰিবলৈ উঠি-পৰি লাগিছে ৰাজনীতিৰ চাণক্যখ্যাত প্ৰশান্ত কিশোৰ।
শেহতীয়াকৈ প্ৰশান্ত কিশোৰে আক্ৰমণৰ লক্ষ্য কৰি লয় বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক। উপ মুখ্যমন্ত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাক লৈ চলি থকা বিৰ্তকক ঘিউ ঢালি প্ৰশান্ত কিশোৰে উত্থাপন কৰে কেতবোৰ প্ৰশ্ন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সম্ৰাট চৌধুৰী হৈছে এইবাৰ নিৰ্বাচনৰ তাৰাপুৰ সমষ্টিৰ প্ৰাৰ্থী।
পূৰ্বেও প্ৰশান্ত কিশোৰে সম্ৰাট চৌধুৰীৰ শিক্ষাৰ্গত অৰ্হতাক লৈ প্ৰশ্ন কৰিছিল। তেতিয়া সম্ৰাট চৌধুৰীয়ে উত্তৰ দিছিল যে, নিৰ্বাচনী শপতনামাত তেওঁৰ শিক্ষা কিমান, সেয়া সবিস্তাৰে উল্লেখ আছে। এই প্ৰসংগটো নিৰ্বাচনৰ আগত পুনৰ উত্থাপন কৰি এইবাৰ প্ৰশান্ত কিশোৰে কটাক্ষ কৰি ক'লে, সম্ৰাট চৌধুৰীৰ শপতনামা আমি পঢ়িলো। তাত তেওঁ দশম শ্ৰেণী উৰ্ত্তীণ হৈছেনে নাই সেয়া স্পষ্টকৈ উল্লেখ নাই। গতিকে তেওঁ এতিয়া জনাব লাগে আঁচলতে তেওঁৰ শিক্ষাগত অৰ্হতা কিমান?
প্ৰশান্ত কিশোৰৰ এই প্ৰশ্নক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিজেপিয়ে। কিন্তু প্ৰশান্ত কিশোৰৰ এনে প্ৰশ্নত নিৰ্বাচনৰ আগত যে বিজেপি শলঠেকত পৰিব সেয়া নিশ্চিত।