AI সন্মিলনত ভাৰতক লজ্জিত কৰিলে কংগ্ৰেছে !

দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত যুৱ কংগ্ৰেছৰ কেইজনমান সদস্যই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত যুৱ কংগ্ৰেছৰ কেইজনমান সদস্যই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই উত্তপ্ত পৰিস্থিৰ পাছত দিল্লী আৰক্ষীয়ে ভাৰতীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। 

IYC ৰ কেডাৰে আয়োজন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় যুৱ কংগ্ৰেছৰ দলীয় কৰ্মীসকলে ঘটনাস্থলীত চাৰ্ট খুলি প্ৰতিবাদ সাব্যস্ত কৰে । এক বিবৃতিত IYC-এ কয় যে যেতিয়া পক্ষপাতিত্ব, কৰ্পৰেট হেঁচা আৰু মৌনতাই বৈদেশিক নীতিত আধিপত্য বিস্তাৰ কৰে, তেতিয়া সেয়া স্পষ্ট যে প্ৰধানমন্ত্ৰী মোদী আপোচ কৰা হৈছে। এই সত্য উদঙাই দিবলৈ ভাৰতীয় যুৱ কংগ্ৰেছৰ সাহসী কৰ্মীসকলে এআই সন্মিলনত উপস্থিত হয়। লগতে আপোচ কৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদৰ্শন কৰে। 

WhatsApp Image 2026-02-21 at 11.08.12 PM

উল্লেখ্য যে- ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১২১(১), ১৩২, ১৯৫(১), ২২১, ২২৩(এ), ১৯০, ১৯৬, ১৮৭, ৩(৫) ধাৰাত ৰাজহুৱা সেৱকক আঘাত আৰু আক্ৰমণ, ৰাজহুৱা সেৱকৰ আজ্ঞা অমান্য কৰা, অবৈধ সমাৱেশ আৰু... নিষেধাজ্ঞামূলক আদেশ উলংঘা কৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। লগতে এই ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী আয়ুক্ত দেৱেশ কুমাৰ মাহলাৰে মন্তব্য কৰে যে-  আমি বিভিন্ন ধাৰাত গোচৰ পঞ্জীয়ন কৰিছো যেনে- ষড়যন্ত্ৰ, এজন ৰাজহুৱা সেৱকৰ ওপৰত আক্ৰমণ, ৰাজহুৱা সেৱকৰ নিৰ্দেশ অমান্য কৰা, অবৈধ সমাৱেশ আৰু সাধাৰণ উদ্দেশ্য। এই ঘটনা সন্দৰ্ভত  চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

উক্ত ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, প্ৰতিবাদকাৰীসকলে প্ৰথমে ছপা ষ্টীকাৰ থকা ক’লা ছাতি লৈ সভাস্থলীত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল । নিৰাপত্তা পৰীক্ষাৰ সময়ত ধৰা পৰাৰ আশংকাত তেওঁলোকে পৰিকল্পনা সলনি কৰি ছপা বাৰ্তা থকা টি-চাৰ্ট পিন্ধে।আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷

প্ৰণিধানযোগ্য যে- কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱেও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি এই প্ৰতিবাদক 'ৰাষ্ট্ৰীয় লজ্জাজনক' বুলি অভিহিত কৰে ৷ তেওঁ কয় যে- এ আই শীৰ্ষ সন্মিলনখন হৈছে বিশ্বব্যাপী অনুষ্ঠান। AI সন্মিলনত ভাৰতক কংগ্ৰেছে লজ্জিত কৰা কাৰ্যতো গ্ৰহণযোগ্য নহয় । 

কংগ্ৰেছ দিল্লী