/asomiyapratidin/media/media_files/2025/12/20/502-2025-12-20-23-46-27.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : ধৰ্মপ্ৰাণ মহিলা কিৰণ কলিতা আৰু নাই। চছল অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিশেষকৈ চছল ৰাজহুৱা নামঘৰ সমিতি, যোগ কেন্দ্ৰ আৰু শিৰদী সাই বাবা মন্দিৰ, ৰাধানগৰ, গুৱাহাটীৰ লগত জড়িত আছিল তেওঁ।
দীৰ্ঘ দিন ধৰি ৰক্তহীনতা আৰু মধুমেহ আৰু ৰোগত আক্ৰান্ত হৈ শেষত কিডনী ৰোগত আক্ৰান্ত হৈ যোৱা ১৮ ডিচেম্বৰ ২০২৫ তাৰিখ বৃহস্পতিবাৰে দুজনী কন্যা, পুত্ৰ, নাতি নাতিনী, জ্ঞাতি কুটম্ব আত্মীয় স্বজন সহিতে সকলোকে শোকস্তদ্ধ কৰি পৰলোকপ্ৰাপ্তি ঘটে।
ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ পাৰ্থিৱ শৰীৰত চছল ৰাজহুৱা নামঘৰ সমিতিৰ সভাপতি ডঃ নৱ নাহৰডেকা আৰু সম্পাদক নৱ কুমাৰ মুদৈৰ লগতে নামঘৰৰ বাপ বান্ধৱ ঈশ মজুমদাৰ, হৰেণ মান্তা, নামঘৰৰ প্ৰাক্তন সভাপতি আদ্দেশ্বৰ মেধী আৰু আই মাতৃসকলে শেষ শ্ৰদ্ধা জনায়। একেদৰে যোগ কেন্দ্ৰ আৰু শিৰদী সাই বাবা মন্দিৰ, ৰাধানগৰ, গুৱাহাটীৰ যোগ গুৰু উমেশ বৰা, যোগ কেন্দ্ৰৰ ড০ মঞ্জুৰা মোহন কলিতা, চছল শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকা, সম্পাদক নিকুঞ্জ দাস,বৃহত্তৰ চছল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ডাঃ বুধিন শইকীয়াই জনাই শ্ৰদ্ধা।
তাৰোপৰি সম্মিলনৰ কৰ্মকৰ্তা আবু নাচেৰ আক্ৰাম,ওপৰ চছল বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি হৰেশ্বৰ ডেকা, সম্মিলনৰ কৰ্মকৰ্তা গিৰীশ শৰ্মা, পূৰ্ণ কান্ত মহন্ত, বিপুল চেত্ৰী, ধীৰেণ ৰাভা, সদানন্দ বৰ্মণ , পেৰামাউন্ট গ্ৰীণ এপাৰ্টমেণ্ট চছাইটিৰ সভানেত্ৰী সম্পাদক প্ৰমুখ্যে চছাইটিৰ আবাসীৰ সমূহ ব্যক্তিৰ লগতে অঞ্চলৰ বহুজন ব্যক্তি তথা অনুষ্ঠানে শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে নশ্বৰ দেহ নৱগ্ৰহ ধামত অন্তিম সংস্কাৰ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us