পুৱাই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ নেদাৰলেণ্ডৰ ৰজা-ৰাণীৰ…

পুৱাই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ নেদাৰলেণ্ডৰ ৰজা-ৰাণীৰ…

ডিজিটেল ডেস্কঃ দেওবাৰে মাজনিশা ভাৰতত উপস্থিত হোৱা নেদাৰলেণ্ডৰ ৰজা-ৰাণীয়ে সোমবাৰে পুৱাই সাক্ষাৎ কৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক। পুৱাই ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱা ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমাক ৰাজকীয় সন্মানেৰে আদৰণি জনোৱা হয়।

পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা নেদাৰলেণ্ডৰ ৰজা-ৰাণীয়ে দ্বিপাক্ষিক অৰ্থনীতি আৰু ৰাজনৈতিক সহযোগিতা সম্বন্ধে ভাৰতৰ শীৰ্ষ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হ'ব।

২০১৩ চনত ৰাজকীয় শাসনভাৰ গ্ৰহণ কৰাৰ পাছত ডাচ্চ ৰজা-ৰাণীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। দম্পতীহালে দিল্লীৰ উপৰি মুম্বাই আৰু কেৰালাৰ ভ্ৰমণতো যাব।

তদুপৰি বুধবাৰে দিল্লীত ২৫ সংখ্যক প্ৰযুক্তি শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in