জামুগুৰিহাটত ৰজা ফেটি সাপ উদ্ধাৰ

জামুগুৰিহাটৰ এগৰাকী সাধাৰণ যুৱক ৷ যি গৰাকী যুৱক বহুতৰে বাবে হঠাৎ দেখা দিয়া বিপদৰ সময়ৰ বন্ধু লেখীয়া ৷ নাম তেওঁৰ নন্দ কিশোৰ মাল্লা ৷

author-image
Asomiya Pratidin
New Update
602

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ এগৰাকী সাধাৰণ যুৱক ৷ যি গৰাকী যুৱক বহুতৰে বাবে হঠাৎ দেখা দিয়া বিপদৰ সময়ৰ বন্ধু লেখীয়া ৷ নাম তেওঁৰ নন্দ কিশোৰ মাল্লা ৷ বিগত ১৪/১৫ বছৰকাল অঞ্চলটোৰ প্ৰতিটো প্ৰান্ততে কোনো লোকৰ বাসগৃহত সাপ সোমালেই সকলো গৃহস্থই নাম লয় কেৱল নন্দ কিশোৰ মাল্লাৰ ৷

খবৰ পোৱাৰ লগে লগে সকলো কাম বাদ দি সাপটোৰ কোনো ক্ষতি নোহোৱাকৈ উদ্ধাৰ কৰি গৃহস্থক সকাহ দি আহিছে নন্দ কিশোৰে ৷ কিন্তু বৃহস্পতিবাৰৰ দিনটো নন্দ কিশোৰৰ বাবে আছিল এক বিশেষ দিন ৷ কাৰণ সৰ্প উদ্ধাৰকাৰীসকলৰ এটাই সপোন থাকে সেয়া হ’ল King Cobra ক বশ কৰি উদ্ধাৰ কৰা ৷

সেয়াই যেন বাস্তৱত পৰিণত হ’ল নন্দ কিশোৰৰ ৷ জামুগুৰিহাটৰ মাজমজিয়াত অৱস্থিত এটি পৰিয়ালৰ গৃহত সজাই থোৱা আলমিৰাৰ চুকত সোমাই থকা এটি King Cobra (ৰজা ফেটি) সাপক প্ৰায় ডেৰ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত কোনো লোকৰ হানি বিঘিনি নোহোৱাকৈ উদ্ধাৰ কৰে নন্দ কিশোৰে ৷

প্ৰায় ১৬ ফুট দৈৰ্ঘৰ King Cobra সাপডালক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত নন্দ কিশোৰে বনবিভাগৰ লগত যোগাযোগ কৰি কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰত মুকলি কৰি দিয়ে ৷ উল্লেখ্য যে বিগত প্ৰায় ১৪/১৫ বছৰকাল অসংখ্য সৰ্প উদ্ধাৰ কৰি ৰাইজক সকাহ দিয়া প্ৰচাৰ বিমুখ নন্দ কিশোৰ মাল্লা অঞ্চলটোৰ সকলোৰে বাবে সৰ্পবন্ধু হিচাপে পৰিচিত হৈ আহিছে ৷

সমাজসেৱাৰ লগতে উচিত সময়ত নিৰ্দিষ্ট ঠাইত উপস্থিত হৈ সাপ উদ্ধাৰ কৰি লোকসকলক সকাহ দিয়া নন্দ কিশোৰৰ কৰ্মক সকলোক একমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷

জামুগুৰিহাট