/asomiyapratidin/media/media_files/2025/11/23/291-2025-11-23-18-35-51.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা অঞ্চলৰ বৰদিকৰাই গাঁৱৰ এঘৰ মানুহৰ ঘৰৰ বিছনাৰ তলত শনিবাৰে এডাল প্ৰকাণ্ড সাঁপ প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে পৰিয়ালৰ লোকসকল ৷ পিছত গৃহস্থই বনবিভগক খবৰ দিয়াৰ লগে লগে ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ বিষয়া ও বনকৰ্মীৰ দল উপস্থিত হৈ উক্ত প্ৰকাণ্ড সাঁপডাল ৰজাফেঁটী বুলি চিনাক্ত কৰে ৷
পিছত চতিয়াৰ এগৰাকী সাংবাদিক তথা সৰ্পবন্ধুখ্যাত মানৱ অসমক খবৰ দিয়ে। এই খবৰ পোৱাৰ মাত্ৰকেই সৰ্পবন্ধু মানৱ অসম সেই স্থানত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰে। জীৱনত প্ৰথমবাৰৰ বাবে চকুৰ আগত প্ৰকাণ্ড ৰজাফেঁটীডাল প্ৰত্যক্ষ কৰি আৰু বিগত চাৰিবছৰীয়া সৰ্প উদ্ধাৰৰ পিছত ৰজাফেঁটী উদ্ধাৰ কৰিবলৈ পাই আনন্দিত হৈ পৰে মানৱ অসম।
ইয়াৰ পিছতেই অভিজ্ঞতাপূষ্ট মানৱে বহু কৌশলেৰে প্ৰকাণ্ড ৰজাফেটী সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সাপডাল উদ্ধাৰ কৰি শনিবাৰে নিশাই বনকৰ্মীসকলৰ সহযোগত কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত মুকলি কৰি দিয়ে মানৱে অসমে।সাপডাল উদ্ধাৰৰ সময়ত ডিপলোঙা আৰু কুসুমটোলাৰ বনবিষয়া সকলৰ লগতে কেইবাগৰাকীও বন্ধুৱে যথেষ্ট সহায় আগবঢ়াই মানৱক অসমক।
প্ৰকাণ্ড সেই ৰজাফেঁটীডালৰ ওজন প্ৰায় ১৪ কিঃগ্ৰাঃ আৰু দিঘল প্ৰায় ১৫-১৬ ফুট মান হ'ব বুলি জানিবলৈ দিয়ে মানৱে।সাপডাল উদ্ধাৰ কৰি সেই অঞ্চলৰ লোকসকলক সজাগ হৈ থাকিবলৈ বহুখিনি বিষয় বুজাই দিয়ে সৰ্পবন্ধু মানৱ অসমে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us