Advertisment

২৪ দেশৰ অংশগ্ৰহণৰে নতুন দিল্লীত খো খো বিশ্বকাপ....

২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা খো খো বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা এটা বিশেষ গীতত কণ্ঠদান কৰিছে অসমৰ দুই কণ্ঠশিল্পী ড॰ সংগীতা কাকতি আৰু অনুষ্কা বৰুৱাই৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ২০২৪ ৰ বিদায় আৰু নতুন বৰ্ষৰ আগমনৰ সন্ধিক্ষণতে অসমৰ ক্ৰীড়া-সাংস্কৃতিক জগতলৈ আহিছে এক সুখবৰ। ২০২৫ চনৰ ১৩-১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগা খো খো বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা এটা বিশেষ গীতত কণ্ঠদান কৰিছে অসমৰ দুই কণ্ঠশিল্পী ড॰ সংগীতা কাকতি আৰু অনুষ্কা বৰুৱাই৷

Advertisment


ইংৰাজী ভাষাৰ গীতটোৰ ৰচনা, সুৰ তথা সংগীতো জনপ্ৰিয় কণ্ঠশিল্পী ড॰ কাকতিৰে৷ ইতিমধ্যে গীতটো সামাজিক মাধ্যমত বিশ্বকাপৰ প্ৰচাৰৰ বাবে দিয়া হৈছে৷ দেশ-বিদেশত সমাদৰ লাভ কৰা গীতটো বিশ্বকাপ চলি থকা সময়তো আৰম্ভনিৰ পৰা সামৰণিলৈ ক্ৰীড়াস্থলী মুখৰিত কৰি ৰাখিব৷

ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগিতাত খো খো ফেডাৰেছন অব ইণ্ডিয়া [কে কে এফ আই] ই আয়োজন কৰিব লগা বিশ্বকাপত ২৪ খন দেশৰ ৪০ টা দলে অংশ ল’ব৷ ভাৰতৰ পৰম্পৰাগত খেলবিধক বিশ্বৰ মঞ্চলৈ নি ২০৩৬ ৰ অলিম্পিক গেমছত প্ৰৱেশৰ লক্ষ্যৰে এই বিশ্বকাপ আয়োজন কৰা হৈছে৷ সেয়েহে কে কে এফ আয়ে সভাপতি সুধাংশু মিট্টালৰ নেতৃত্বত জাকত জিলিকাৰূপত প্ৰথম বিশ্বকাপ আয়োজন কৰিবলৈ সাজু হৈছে৷

বলিউদৰ ভাইজানখ্যাত অভিনেতা ছলমান খান প্ৰতিযোগিতাৰ ব্ৰেণ্ড এম্বাচাদৰ৷ আনহাতে, সহ-ব্ৰেণ্ড এম্বেছাদৰ নৱাগত ছুপাৰষ্টাৰ টাইগাৰ শ্ৰুফ৷ এই দুই শিল্পীৰ উপৰিও বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা পাণ্ডে আৰু ছাৰা আলী খান তথা অভিনেতা বিবেক অবেৰয়ৰ লগতে অলিম্পিকত ভাৰতৰ একক স্বৰ্ণজয়ী প্ৰথমজন ক্ৰীড়াবিদ শ্বুটাৰ অভিনৱ বিন্দ্ৰাও খো খো বিশ্বকাপৰ প্ৰচাৰৰ সৈতে জড়িত ৷

এনে এক তাৰকা সমৃদ্ধ অভিজাত প্ৰচাৰ ব্যৱস্থাত অসমৰ মাতৃ-কন্যা সংগীতা-অনুষ্কা জড়িত হোৱাটো কেবল শিল্পী দুগৰাকীৰ বাবেই নহয়, ৰাজ্যবাসীৰ কাৰণেও গৌৰৱৰ বিষয়৷ 


স্মৰ্তব্য যে ভাৰতীয় খো খোৰ থীম ছং ‘চোলো চোলো খো খো খেলটে হ্যে’ গীতটোও কথা-সুৰ-সংগীত সংগীতাৰে। কন্যা অনুষ্কাৰ লগত তেওঁ কণ্ঠদান কৰিছে৷ আনহাতে, অসমত অনুষ্ঠিত এছিয়ান খো খো প্ৰতিযোগিতাৰ থীম ছং ‘ৰূপহী অসম উখল-মাখল’ গীতটোৰ কথা-সুৰো ড॰ কাকতিৰে আছিল লগতে কণ্ঠদানত শিল্পীগৰাকীক অনুষ্কাই সহযোগ কৰিছিল৷ 


গীতটোত ১২ খন বিদেশী ৰাষ্ট্ৰৰ নিজৰ নিজৰ মাতৃ ভাষাৰ লগতে হিন্দী, ইংৰাজী, অসমীয়া আৰু বড়োসহ মুঠ ১৬ টা ভাষা সন্নিবিষ্ট আছিল৷ কিন্তু বিশ্বকাপৰ ‘খো খো ৱৰ্ল্ড কাপ, ইণ্ডিজিনিয়াছ গেম অব ইণ্ডিয়া’ গীতটো কেবল ইংৰাজী ভাষাৰ৷

উল্লেখ্য যে অসমত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ থীম ছং ‘ৰংমন ৰংমন’ গীত পৰিৱেশন কৰি পৃথক পৰিচয় তথা অপাৰ জনপ্ৰিয়তা লাভ কৰা সংগীতাই গুৱাহাটীত অনুষ্ঠিত দ্বাদশ ছাফ গেমছত ‘ছাউথ এছিয়ান গেমছ শুভ বিদায়...’ শীৰ্ষক এটি গীত পৰিবেশন কৰিছিল৷ গীতটোত অসমীয়া আৰু হিন্দী ভাষাৰ লগতে অংশগ্ৰহণকাৰী সাত বিদেশী ৰাষ্ট্ৰৰ মাতৃভাষাও সন্নিবিষ্ট আছিল৷


দেশত অনুষ্ঠিত কেবাখনো আন্তৰ্জাতিক আৰু ৰাজ্যিক ক্ৰীড়া মহোৎসৱত থীম ছঙৰ লগতে প্ৰতিযোগিতাৰ বিশেষ গীত পৰিৱেশন কৰি সমাদৃত হোৱা সংগীতাই ৰাজ্যৰ প্ৰথম কণ্ঠশিল্পীৰূপে বিশ্বকাপত গীত গোৱাৰ অনন্য সফলতা লাভ কৰিলে৷

খো খো বিশ্বকাপ