অখিল গগৈক মুক্তিৰ আহ্বানেৰে মুখ্যমন্ত্ৰীলৈ ‘খিলঞ্জীয়া অসম’ৰ আবেদন…

অখিল গগৈক মুক্তিৰ আহ্বানেৰে মুখ্যমন্ত্ৰীলৈ ‘খিলঞ্জীয়া অসম’ৰ আবেদন…

author-image
asomiyapratidin
New Update
অখিল গগৈক মুক্তিৰ আহ্বানেৰে মুখ্যমন্ত্ৰীলৈ ‘খিলঞ্জীয়া অসম’ৰ আবেদন…

ডিজিটেল ডেস্কঃ কৃষক নেতা অখিল গগৈৰ লগতে কাৰাবন্দী অন্য নেতাসকলক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছে খিলঞ্জীয় অসমৰ হৈ মুখ্য আহ্বায়ক অনুপ চেতিয়াই। সোমবাৰে এই আবেদন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে চেতিয়াই। কোৰোনাৰ বিভীষিকাৰ সময়ত মানৱীয়তাৰ খাতিৰত যিদৰে বিভিন্ন ৰাজ্যৰ লগতে অসমেও বহু কাৰাবন্দীক মুক্তি কৰি দিছে তেনেদৰে অখিল গগৈকো এই দৃষ্টিৰে চাই মুকলি কৰিব লাগে বুলি আহ্বান জনায়।

এই আবেদনত অসমত কোৰোনাৰ সৈতে অসমৰ চৰকাৰে যিদৰে যুঁজ দিছে তাকো প্ৰশংসা কৰে খিলঞ্জীয়া অসমে। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ৰাজ্যৰ প্ৰায় ১২ টা সংগঠনৰ নেতৃত্বয়ো অখিল গগৈৰ লগতে অন্যান্য প্ৰতিবাদী নেতাসকলক মুক্তিৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল। বৰ্তমান কৃষক নেতাগৰাকী বন্দী হৈ আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত।