/asomiyapratidin/media/media_files/2025/08/13/ujjd-2025-08-13-09-41-41.jpg)
ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ ক্ষেত্ৰীৰ চক্ষুৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা। থিতাতে নিহত হৈছে দুগৰাকী লোক। প্ৰাপ্ত তথ্য মতে গুৱাহাটীৰ পৰা নগাঁও অভিমূখী AS 01 ET 2351 নম্বৰৰ মাৰুতি এছ ক্ৰচ বাহন এখনে নিয়ন্ত্ৰন হেৰুৱাই চক্ষুৰাৰ ডিভাইডাৰৰ মাজত থকা এডাল গছত প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনাটো।
ইপিনে এই দূৰ্ঘটনাৰ ফলত বাহনখনৰ চালক আৰু সন্মূখৰ আসনত বহি থকা এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে পাছৰ চিটত বহি থকা এগৰাকী কিশোৰী গুৰুত্বৰ ভাৱে আহত হয়। দূৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ আহত কিশোৰী গৰাকীক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও নিহত দুয়ো গৰাকীকে বাহন খনৰ পৰা বৰ্তমান পৰ্য্যন্ত উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
মন কৰিবলগীয়া যে নিহত দুয়োগৰাকী পতি-পত্নী হোৱাৰ লগতে আহত গৰাকী তেওঁলোকৰ সন্তান বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমান পৰ্য্যন্ত চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। লক্ষণীয় যে দূৰ্ঘটনাস্থলিৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ হোৱা কৃতিম বানৰ বাবে উক্ত ঠাইডোখৰত সঘনাই সৰু-বৰ পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us