মহাকুম্ভৰ পৰা উভতি আহোতে নিৰুদ্দেশ অসমৰ যুৱক...

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা অসমলৈ উভটি অহাৰ পথত নিৰুদ্দেশ হয় পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ধনেশ শৰ্মা (২৫) নামৰ এজন যুৱক।

author-image
Asomiya Pratidin
New Update
মহাকুম্ভ খেৰণি

মহাকুম্ভ খেৰণি

ডিজিটেল সংবাদ, খেৰণিঃ পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা অসমলৈ উভটি অহাৰ পথত নিৰুদ্দেশ হয় পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ধনেশ শৰ্মা (২৫) নামৰ এজন যুৱক।

Advertisment

যোৱা ১২ ফেব্ৰুৱাৰীত শেষবাৰৰ বাবে যুৱকজনৰ সৈতে যোগাযোগ হৈছিল পৰিয়ালৰ। ফোনযোগে জানিবলৈ দিছিল বিহাৰৰ পাটনা আহি পোৱাৰ কথা ধনেশে।

তাৰ পাছৰে পৰা কোনো যোগাযোগ বা সম্ভেদ নাই যুৱকজনৰ। পৰিয়াল মাজত হাহাকাৰ সৃষ্টি। যুৱকজনৰ কোনো সম্ভেদ পালে ফোন নম্বৰ 9678743928/8011258272 ত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

অসম