/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-12-17-48.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি সংহাৰী আমাই তথা কাৰ্বি সংহাৰী সভা হৈছে কাৰ্বি জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু সাংস্কৃতিক মিলনস্থল। য'ত তেওঁলোকৰ পৰম্পৰা, লোক কৃষ্টি, গীত-বাদ্য আদি উদযাপন কৰা হয়। বিশেষকৈ কাৰ্বি আংলং অঞ্চলত শেহতীয়াকৈ এই ধৰ্মীয় সভাৰ বাবে ৰাজ্য চৰকাৰৰ সহায়ো লাভ কৰিছে।
এই ৫০০০ বছৰ পুৰণি সংস্কৃতি জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মক উৎসাহিত কৰাই হৈছে এই সভাৰ মূল উদ্দেশ্য। ইপিনে এই সভাতেই কাৰ্বি লোকসকলৰ ধৰ্মীয় পৰম্পৰা আৰু সাংস্কৃতিক পৰিচয় প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/fc8eb031-6a5.png)
উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত কাৰ্বি সংহাৰী সভাৰ আয়োজনক লৈ চলিছে ব্যাপক প্ৰস্তুতি । দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব এই সভা। সভাত অংশগ্ৰহণ কৰিব প্ৰায় ১ লাখ লোক। সাম্প্ৰতিক সময়ত এক উখল মাখল আৰু উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই অঞ্চলটোত।
/asomiyapratidin/media/post_attachments/be5ef9f1-7d0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us