আমৰণ অনশনত বহি অসুস্থ   খেৰণিৰ বহুকেইগৰাকী প্ৰতিবাদকাৰী

আমৰণ অনশনত বহি স্বাস্থ্যৰ অৱনতি হোৱাত অসুস্থ হৈ পৰিছে বহুকেইগৰাকী প্ৰতিবাদকাৰী। অসুস্থ হৈ পৰা লিটচন ৰংফাৰ, ইডিচন টকবি, জনাছিং ৰংফাৰ আৰু খেলান ইংতি নামৰ প্ৰতিবাদকাৰী চাৰিগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজিও অব্যাহত আছে আমৰণ অনশন কাৰ্য্যসূচী পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ফেলাংপিত। উচ্ছেদ অভিযানৰ দাবীৰে ৰূপায়ন কৰিছিল এই আমৰণ অনশন কাৰ্যসূচী। 

উল্লেখ্য যে, আমৰণ অনশনত বহি স্বাস্থ্যৰ অৱনতি হোৱাত অসুস্থ হৈ পৰিছে কেইবাগৰাকী প্ৰতিবাদকাৰী। অসুস্থ হৈ পৰা লিটচন ৰংফাৰ, ইডিচন টকবি, জনাছিং ৰংফাৰ আৰু খেলান ইংতি নামৰ প্ৰতিবাদকাৰী চাৰিগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে চিকিৎসালয়ত চিকিৎসা প্ৰদানত অসুস্থ প্ৰতিবাদকাৰীক। বিগত ৮ দিন ধৰি অনিৰ্দিষ্টকালীনভাৱে অনশন অৱস্থানেৰে প্ৰতিবাদ সাব্যস্ত কৰি আছিল প্ৰতিবাদকাৰীয়ে। 


  

খেৰণি