পুুনৰ উত্তপ্ত খেৰণি! প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত বহুকেইগৰাকী আৰক্ষী...

খেৰণিত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদকাৰীয়ে হাতত লাঠি-জোং লৈ যুদ্ধংদেহী মনোভাৱেৰে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। তাৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে প্ৰতিবাদকাৰীক চত্ৰভংগ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ খেৰণিত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদকাৰীয়ে হাতত লাঠি-জোং লৈ যুদ্ধংদেহী মনোভাৱেৰে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। তাৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ লাঠীচালনা আৰু শূণ্যলৈ গুলীচালনাও কৰে।

আৰক্ষীৰ লাঠীচালনা বহুকেইগৰাকী প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণতো আহত হৈছে আৰক্ষীৰ জোৱান। উল্লেখ্য যে, খেৰণিৰ পৰিস্থিতি চম্ভালিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে তাতে বাহৰ পাতি পৰিস্থিতি পৰ্যালোচনা কৰি আছে।

মন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আলোচনা হ’ব বুলি আশ্বাস দি আহিছিল যদিও তাৰ পিছতে এটা পক্ষই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অহা ২জানুৱাৰীত কাৰ্বি লোকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল।

পশ্চিম কাৰ্বি আংলং