/asomiyapratidin/media/media_files/2025/12/22/new-ap-web-kheroni-2025-12-22-18-31-03.jpg)
ডিজিটেল ডেস্ক : খেৰণিৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। অঞ্চলটোত প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে সান্ধ্য আইন। ডংকামোকাত থকা তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহ(পিতৃ বাসগৃহ)ত প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰাৰ পাছত আৰু কেইবা স্থানতো অনুৰূপ ঘটনা সংঘটিত কৰাৰ খবৰ আহিছে।
প্ৰতিবাদকাৰীসকলকক বাধা দিবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলিবৰ্ষণ কৰিব লগা হৈছে। এই ঘটনাত ৩জন প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰাপত্তাৰক্ষীও আহত হৈছে। ইফালে ডিফুতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী- প্ৰশাসনে।
তুলিৰাম ৰংহাঙৰ ডিফুত থকা বাসগৃহৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সাময়িকভাৱে খেৰণিৰ ঘটনাৰ পাছতে ডিফু স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যালয় বন্ধ কৰি দিয়া হয়।
প্ৰতিবাদকাৰীসকলে পৱন কুমাৰ নামৰ কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যৰ ঘৰতো অগ্নি সংযোগ কৰে। পৰিস্থিতিৰ সন্দৰ্ভত সতৰ্কমূলক দৃষ্টি ৰাখিছে চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাৰ্বি আংলঙলৈ ৰাওনা হৈছে মন্ত্ৰী ডা০ ৰণোজ পেগু।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us