/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b2816c5e-49ed-4b25-b29f-aaef10c9a1f8/khatkhati_24.jpg)
khatkhati police
ডিজিটেল সংবাদ বোকাজানঃ ৰাজ্যত অব্যাহত আছে চোৰাং সামগ্ৰীৰ অবৈধ বেহা। এনে অবৈধ বেহাৰ এক চক্ৰ জালত পৰিছে খটখটি আৰক্ষীৰ। আজি খটখটি আৰক্ষীয়ে চোৰাংকৈ কঢ়িয়াই অনা জালুক আৰু চাউল ভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ পিছতে এই চক্ৰৰ সবিশেষ পোহৰলৈ আহিছে।
বোকাজানত আৰক্ষীয়ে আজি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ অবৈধ ভাৱে কঢ়িয়াই নিয়াৰ পথতে এখন ট্ৰাক খটখটি আৰক্ষীয়ে জব্দ কৰে। জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে ৩০০ বেগ জালুক আৰু ৭০ বেগ চাউলৰ লগতে নগদ ৩ লাখ৫০ হাজাৰ টকা।
ইয়াৰ উপৰিও আৰক্ষীয়ে জালুক আৰু কাঠ মাফিয়া বাবুল দাসৰ লগতে ট্ৰাকখনৰ চালকসহ ৩ জন লোকক আটক কৰিছে। জব্দকৃত জালুকখিনিৰ ওজন হৈছে প্ৰায় ১৩ কুইন্টল। আনহাতে অবৈধ ভাৱে এই সামগ্ৰীখিনি কঢ়িয়াই নিয়া ট্ৰাকখনৰ লগতে AS 03 AG 7707 নম্বৰৰ এখন স্কৰপিঅ বাহনো জব্দ কৰে আৰক্ষীয়ে।
ইতিমধ্যে কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া উপস্থিত হৈছে খটখটি আৰক্ষী থানাত। আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই যদিও এই অসাধু চক্ৰৰ লগত কোন কোন জড়িত হৈ আছে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।