/asomiyapratidin/media/media_files/2025/12/13/image-49-2025-12-13-15-10-42.png)
ডিজিটেল ডেস্কঃ কেইদিনমান পূৰ্বে সাতোৰৰ প্ৰশিক্ষণ ল'বলৈ গৈ সন্ধানহীন হৈছিল ছয় কিশোৰ। ইস্কনৰ সৈতে সংযুক্ত কেউজন কিশোৰ খাৰঘূলিস্থিত ভক্তি কুটিৰৰ তত্বাবধায়ক অশোক বাৰ্মাই নৈত সাতোৰ প্ৰশিক্ষণৰ বাবে তেওঁলোকক লৈ গৈছিল। সাতুৰি থকা অৱস্থাতে পানীৰ সোতে তেওঁলোকক উতুৱাই নিয়াই পাছত অতি ৰহস্যভাৱে অশোক বাৰ্মাৰ পুত্ৰজন ৰক্ষা পৰে যদিও বাকী কেইজনৰ সন্ধান আজিও নোলাল। ভক্তি কুটিৰৰ ঘৰতে আশ্ৰয় লোৱা বিভিন্ন স্থানৰ এই পাঁচজন সদস্যৰ দায়িত্ব সাতোৰ প্ৰশিক্ষণৰ বাবে লৈ যোৱা ভক্তি কুটিৰ অথবা তেওঁৰ সহযোগী সকলে তাৎক্ষণিকভাৱে কিয় নললে এয়া সচাঁকৈয়ে অঘটন নে অভিসন্ধিমূলক। সময় বাগৰাৰ লগে লগে এই গুৰুত্বৰ প্ৰশ্ন আৰু ৰাইজৰ মনৰ সন্দেহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । কেৱল সেয়ে নহয় ঘটনাতো সন্দেহজনক আৰু অভিসন্ধিমূলক বুলি অভিযোগ উত্থাপন কৰিছে।
প্ৰণিধানযোগ্য যে,খাৰঘুলিৰ ভক্তি কুটিৰৰ অশোক বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিজেপি নেতা বিভূতি ভূষণ চৌধূৰীয়ে। খাৰঘুলিৰ অশোক বাৰ্মাৰ ঘৰৰ পৰা বহ্মপুত্ৰত সাতোৰ প্ৰশিক্ষণ দিবলৈ নিয়াত এই ঘটনা সংঘটিত হয়। ইপিনে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিজেপি নেতা বিভূতি ভূষণ চৌধূৰীয়ে।
উল্লেখ্য যে - বিজেপি নেতা বিভূতি ভূষণ চৌধূৰীয়ে এজাহাৰত দাখিল কৰা মতে- আশোক বাৰ্মাৰ ঘৰত ইস্কনৰ পূজা-পাঠ কৰিছিল যুৱকজনৰ দলটোৱে। ইপিনে এই দলটোত তেওঁৰ পুত্ৰও গৈছিল বুলিও জানিব দিয়ে। ইপিনে তেওঁৰ পুত্ৰ সৈতে এজন ব্যক্তিগত সহায়কাৰীকো পঠোৱা হৈছিল বুলি উল্লেখ কৰে। ইপিনে ভক্তি কুটিৰৰ অশোক বাৰ্মাৰ পৰিয়ালৰ সৈতে এতিয়াও যোগাযোগ নোহৱাত বহু প্ৰশ্ন উত্থাপন হৈছে। এই ঘটনা সন্দৰ্ভত বিজেপি নেতাগৰাকীয়ে তদন্তৰ দাবী জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/20dc8cc6-c58a-4566-99a8-6b569734da96-2025-12-13-15-17-58.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us