পাৰাপাৰহীন সততাৰ সংজ্ঞা তেওঁ…

পাৰাপাৰহীন সততাৰ সংজ্ঞা তেওঁ…

author-image
asomiyapratidin
New Update
পাৰাপাৰহীন সততাৰ সংজ্ঞা তেওঁ…

► ডি জে ধনন্তৰি

Advertisment

মানুহজন গ'লগৈ। ৮১ বছৰ বয়সত পৃথিৱীক চিৰ বিদায় জনোৱা মানুহজনৰ মুখত অন্তিম সময়লৈকে লাগি আছিল সেই চিৰপৰিচিত হাঁহি। ছাত্ৰাৱস্থাৰে পৰা জাতিক ভাল পাবলৈ শিকিছিল তেওঁ। অসম আন্দোলনৰ ভৰপক সময়ত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ হকে মানুহজন জঁপিয়াই পৰিছিল আন্দোলনত। প্ৰতিটো ক্ষেত্ৰতে তেওঁ আছিল আপোচবিহীন।

জাতিৰ বাবে চৰকাৰী চাকৰি জলাঞ্জলি দিবলৈকো কুণ্ঠাবোধ নকৰা মানুহজন আন কোনো নহয়, তেওঁ হৈছে খনীন চন্দ্ৰ দাস। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ কৰ্মচাৰী পৰিষদৰ শীৰ্ষ পদবীত থকা সময়ত ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ সহযোগী হৈ খনীন দাসে সমুখৰ পৰা নেতৃত্ব দিছিল আন্দোলনক। সেই কালছোৱাতে ৩ বছৰ কাল অজ্ঞাতবাস আৰু ৩৫ মাহ বিনা বেতনৰ ছুটী লৈ থকাৰ লগতে কেবাবাৰো কাৰাবাসো খাটিছিল তেওঁ।

হাঁহিমুখীয়া মানুহজন আছিল সৰলতাৰ প্ৰতীক। প্ৰতি মুহূৰ্ততে আনক বিপদত সহায় কৰিবলৈ তেওঁ প্ৰসাৰিত কৰি ৰাখিছিল দুহাত। কৃত্ৰিমতাৰ ঘোৰ বিৰোধী আছিল তেওঁ। বয়স বঢ়াৰ লগে লগে তেওঁৰ চুলি-দাঢ়িত স্বাভাৱিকভাৱেই দেখা দিছিল শুকুলা বৰণ। কিন্তু শুকুলা চুলি-দাঢ়ি ক'লা কৰিবলৈ কলপ কোনোদিনেই লগোৱা দেখা নগ'ল মানুহজনক। দৃঢ় আৰু অৱলীলাক্ৰমে কঢ়া খোজ-কাটল, শাৰীৰিক অংগ সঞ্চালনাৰ লগতে বাক-ভংগীৰে তেনেকৈয়ে নিজকে চিৰ তৰুণ কৰি ৰাখিছিল তেওঁ।

সাধাৰণ মানুহৰ দুখ-দুৰ্দশাৰ কথা শুনিলে এখন্তেকো থিৰেৰে থাকিব পৰা নাছিল তেওঁ। নিজৰ দহোবন কাটি কৰি থৈ সেই ঠাইলৈ গৈ সকলো সমস্যাৰ থানথিত লগাইহে শান্তি পাইছিল খনীন চন্দ্ৰ দাসে। চিনাকি চহৰখনৰ কোনো ঠাইত যদি জাতিৰ মংগলৰ হকে কোনো অনুষ্ঠান অনুষ্ঠিত হৈছে নিমন্ত্ৰণ পাওক বা নাপাওক কেনেবাকৈ খবৰটো পালেই গৈ হাজিৰ হৈছিল তেওঁ। সেই সভালৈ গৈ উদাত্ত ভাষণ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ধৰণৰো মানুহ নাছিল তেওঁ। সভাত দৰ্শকৰ শাৰীত বহি নীৰৱে সকলো শুনি গৈছিল আৰু উদ্যোক্তাসকলক উৎসাহ যোগাইছিল। ক'বলগীয়া কোনো কথা থাকিলে নিজৰ বাক-পটুতাৰে ভাষণ প্ৰদান কৰিছিল।

খনীন চন্দ্ৰ দাসৰ দৈনন্দিন জীৱন-ধাৰণো আছিলে তেনেই সাধাৰণ। খোজ কাঢ়ি বাছ-ট্ৰেকাৰত উঠিয়েই ঘূৰি ফুৰিছিল গোটেইখন গুৱাহাটী। কোনো চিনাকি লোকে যদি ট্ৰেকাৰত হেঁচা-ঠেলাকৈ যোৱা দেখি তেওঁক নিজৰ গাড়ীত উঠিবলৈ অনুৰোধ জনাইছিল তেন্তে সেয়া হাঁহিমুখেই প্ৰত্যাখ্যান কৰি তেওঁ কৈছিল, 'এনেকৈয়ে ভাল লাগে দেখোনা। বহু মানুহ লগ পাও, বহু কথা শিকিব পাৰো। মোক চিনি পোৱা সকলোৱে যদি এনেকৈ গাড়ীত উঠাই লৈ ঘূৰাই ফুৰে মোৰ অভ্যাসটোৱেই বেয়া হৈ পৰিব দেখোন।'

গুৱাহাটী মহানগৰীৰ বাসিন্দা হৈয়ো, চৰকাৰী চাকৰি কৰাৰ লগতে অসম আন্দোলনৰ সক্ৰিয় নেতা হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিলেও এনেধৰণৰ ব্যক্তিত্বৰেই অধিকাৰী আছিল তেওঁ। ভেম-গপ তেওঁৰ অভিধানত নাছিল। স্বভাৱতেই আছিল তেওঁ অজাতশত্ৰু। সকলোৰে সৈতে হাঁহি-ধেমালিৰে মিলি-জুলি থাকিবলৈ ভাল পাইছিল। কিন্তু অন্যায়-অনিয়মৰ সৈতে কোনো দিনেই আপোচ কৰা নাছিল তেওঁ। অন্যায়-অনিয়ম দেখিলেই গৰজি উঠিছিল। হাজাৰ হাজাৰ লোকক নেতৃত্ব দি আগুৱাই লৈ গৈছিল সংগ্ৰামৰ পথত। হাতত তুলি লৈছিল কলম।

নিজেই যিদৰে অন্যায়-অনিয়ম মুঠেই সহ্য নকৰিছিল, ঠিক তেনেদৰে অইনকো সহ্য নকৰিবলৈ আহ্বান জনাইছিল। সেয়ে অন্যায়-অনিময়মৰ বলি হৈ অহা ৰাজ্যৰ কৰ্মচাৰীসকলক ঐক্যৱদ্ধ কৰি তেওঁ আগুৱাই নিছিল সংগ্ৰাম। এই সংগ্ৰামক তেওঁ যি সবল আৰু সঠিক নেতৃত্ব প্ৰদান কৰিছিল সেয়া অইনৰ পক্ষে হয়তো আৰম্ভণিৰ সময়ছোৱাত মুঠেই সম্ভৱ নহ'লহেতেন। এনে নেতৃত্ব গুণৰ প্ৰতি সন্মান প্ৰদান কৰিয়েই শেষ দিনটো পৰ্যন্ত কৰ্মচাৰী পৰিষদৰ সৈতে বৰ্তমানৰ সদস্যসকলে তেওঁক জড়িত কৰি ৰাখিছিল, কিয়নো তেৱেই আছিল সকলোৰে আশা-ভৰসা আৰু দিক নিৰ্ণায়ক।

ইচ্ছা কৰা হ'লে বহু ধন-সম্পদ, ঐশ্বৰ্য-বিভূতিৰ গৰাকী হ'ব পাৰিলেহেতেন তেওঁ। আন্দোলনৰ সময়ত যি সক্ৰিয় ভূমিকা আছিল সেই ভূমিকাৰে আন বহুতৰ দৰে তেওঁ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত দপদপাই থাকি আদায় কৰিব পাৰিলেহেতেন অলেখ সা-সুবিধা। পিছে তেওঁ আছিল সম্পূৰ্ণৰূপে ব্যতিক্ৰম। ক্ষমতাকেন্দ্ৰিক বিষয়বোৰৰ পৰা সদায়েই দুহাত আতৰত থকা মানুহজনৰ দৃষ্টি নিৱদ্ধ হৈ আছিল ৰাইজৰ স্বাৰ্থৰ প্ৰতিহে।

দলীয় ৰাজনীতিৰ উৰ্ধত থাকি সমাজত বাস কৰাতো তেনেই জটিল। বিশেষকৈ সামাজিক কাম-কাজৰ সৈতে জড়িত লোকসকলৰ এয়া অতি কঠিন কাম। পিছে তেনে কঠিন কামকো সম্ভৱ কৰি তুলিছিল খনীন চন্দ্ৰ দাসে। তেনে জটিলতাক হেলাৰঙে অতিক্ৰমি তেওঁ সকলোকে দেখুৱাই দিছে যে ন্যায় বুলিলে অন্যায়ৰ কোনো স্থান থাকিব নোৱাৰে, হক কথাত থাকিব নোৱাৰে কোনো ব্যক্তিগত স্বাৰ্থ।

ৰাতিক দিন, দিনক ৰাতি কৰি কাম কৰি গৈছিল তেওঁ। ব্যক্তিগত জীৱনৰ হাজাৰ-বিজাৰ সমস্যাৰ মাজতে ৰাজহুৱা জীৱনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা মানুহজনে বুজি পাইছিল যে সুখ ধন আৰু ক্ষমতাৰে কিনিব পৰা নাযায়। তেওঁ কেনেধৰণৰ কাম কৰি মুখত সদায় এমোকোৰা হাঁহি কঢ়িয়াই ফুৰিবলৈ সমৰ্থ হৈছিল সেয়া বুজিবলৈ এটা উদাহৰণেই যথেষ্ট। অসম অান্দোলনৰ সময়ক ধৰি ৰখা ৬টাকৈ বছৰৰ দৈনিক অসম আৰু আছাম ট্ৰিবিউনৰ প্ৰতিটো সংখ্যা নিজাববীয়াকৈ তেওঁ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। দীৰ্ঘদিন ধৰি সেয়া সংৰক্ষণ কৰি ৰখাৰ অন্তত যেতিয়া শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন হৈছিল তাৰ পিছতে ইতিহাস ধৰি ৰখা কাকতবোৰ সকলোৱে চাব পৰাকৈ সংৰক্ষণৰ বাবে প্ৰদান কৰিছিল। কিন্তু সেই কাম নীৰৱে কৰিছিল তেওঁ।

বঁটা-বাহনৰ প্ৰতিও কোনো হাবিয়াস নাছিল মানুহজনৰ। কিন্তু তেওঁ সমাজ জীৱনলৈ যি বৰঙণি আগবঢ়াইছে তাৰ প্ৰতিদান স্বৰূপে ভিন্ন দল-সংগঠনে তাৰ স্বীকৃতি প্ৰদান কৰাৰ পৰা নিজকে বিৰত ৰাখিব পৰা নাছিল। ২০০৫ চনত অম্বেদকাৰ বঁটা লাভ কৰা খনীন চন্দ্ৰ দাসক ২০১৬ চনত প্ৰদান কৰা হয় মুক্তিযোদ্ধা ৰাজেন চন্দ্ৰ দত্ত সোঁৱৰণী সমাজসেৱী বঁটা। ২০১৩ চনত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ সন্মান লাব কৰাৰ লগতে ২০১৬ চনত ড০ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনে তেওঁলৈ আগবঢ়াই হয় সততাৰ বঁটা। ৰৈ গ'ল অৱশেষ অমিয়া জোঁকাৰ, প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হলিৰাম ডেকা, জীৱনৰ জীয়া কাহিনী, সংৰক্ষণৰ মৌচাককে আদি কৰি ১০ খনতকৈয়ো একাধিক গ্ৰন্থ লিখি উলিওৱা দাসক ২০১৪ চনত অসম চৰকাৰে প্ৰদান কৰে সাহিত্যিক পেঞ্চন।

কোনো বিশেষ সংগঠন বা বিশেষ গোটৰ নেতা নাছিল খনীন চন্দ্ৰ দাস, তেওঁ আছিল এনে এজন নেতা যিয়ে কেৱল ৰাইজৰ স্বাৰ্থকহে আগস্থান দিছিল। সেয়ে তেওঁ হৈ পৰিছিল সকলোৰে আপোন। প্ৰকৃতাৰ্থত এজন সৰল অন্তৰৰ লোক আছিল তেওঁ। প্ৰলোভনেৰে ভৰা সমাজখনত পাৰ্থিৱ সুখ-বৈভৱৰ পিছত দৌৰি বাৰ্ধক্যৰ আঘাতত ক্লান্ত হৈ পৰাৰ পৰিৱৰ্তে নিচেই সহজ-সৰল জীৱন-যাপনৰ অবিৰাম কছৰৎ কৰাতহে গুৰুত্ব দিছিল তেওঁ।

সুখৰ কথা এয়ে যে সমাজেও প্ৰকৃত মূল্যবোধৰ পৰিচয় দাঙি ধৰি তেওঁৰ প্ৰতি উৎসৰ্গা কৰিছে 'সততাৰ দিন'। এনে এগৰাকী বিশেষ ব্যক্তি আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। কায়িকভাৱে তেওঁ আজি আমাৰ মাজত নাই যদিও ওৰেটো জীৱন যি সততাৰ পৰিচয় দিলে সেয়া চিৰদিন প্ৰতিধ্বনিত সততা ভাল পোৱা প্ৰতিজনৰে মনত অনুৰণিত হ'ব। প্ৰেৰণাৰ উৎস হৈ ৰ'ব নতুন প্ৰজন্মৰ। সেই কথাকেই প্ৰমাণিত কৰি তেওঁৰ শেষ যাত্ৰাৰ মূহূৰ্তত ভিৰ কৰিলে ৰাজ্যখনৰ অসংখ্যাজন জ্ঞানী-গুণী লোকৰ লগতে সৰ্বসাধাৰণে। এজন সৎ লোকৰ বাবে ইয়াতকৈ ডাঙৰ প্ৰাপ্তিনো আৰু লাগে কি! পাৰাপাৰহীন সততাৰে পৃথিৱীৰ বুকুৰ পৰা চিৰ বিদায় ল'লেও খনীন্দ্ৰ চন্দ্ৰ দাস এনেকৈয়ে চিৰ দিন সততাৰ প্ৰতীক হৈ জীয়াই থাকিব অসমীয়া জাতিৰ বুকুত…।