/asomiyapratidin/media/media_files/2025/08/19/khann-2025-08-19-10-29-41.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা গাঁও নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী খনিন্দ্ৰ কলিতাৰ যোৱা নিশা বিয়োগ ঘটে। ৭৪ বছৰীয়া কলিতা বিগত কিছুদিনৰ পৰা নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসা গ্ৰহণ কৰি হৈ যোৱা ১৭ আগষ্টত তাৰিখে ৰিজলি লৈছিল কিন্তু কালি নিশা হথাৎ পুনৰ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও তাত চিকিৎসকে মৃত ঘোষনা কৰে।
খনিন্দ্ৰ কলিতাৰ নগাঁও জিলাৰ কাছমাৰী এম ভি স্কুলৰ প্ৰধান শিক্ষক, আইভেটি ধনীৰাম খাটনিয়াৰ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক আদি বিভিন্ন চৰকাৰী কৰ্মত নিয়োজিত হৈ অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত প্ৰধান আচাৰ্য আৰু কোষাধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল। কলিতা এগৰাকী আদৰ্শবান কৃষক হিচাপেও সকলোৰে পৰিচিত আছিল।
শান্ত প্ৰকৃতিৰ, কৰ্মপটু, সুশ্ৰী সমাজকৰ্মী গৰাকীৰ বিয়োগত বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাকে আদি কৰি আচাৰ্য আচাৰ্যা সকল, শিশু নিকেতন পৰিচালনা সমিতি, বটদ্ৰৱা নাগৰিক মঞ্চ, পশ্চিম ৰাইডঙীয়া শিক্ষক কেন্দ্ৰৰ শিক্ষক বৃন্দই, বটদ্ৰৱা সাংবাদিক সন্থাকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, বোৱাৰী, নাতি সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।