খানাপাৰাত শেষবাৰৰ বাবে লগ পাব জুবিনক...

সকলোৰে ইচ্ছা, এবাৰ লগ পোৱা!  এয়াই হ’ব তোমাৰ আৰু মোৰ শেষ দেখা। ৰৈ আছে জুবিনৰ বাবে সকলো। চলি আছে ছিংগাপুৰত প্ৰিয় শিল্পীজনক জনমভূমিলৈ অনাৰ প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
0a792bff-6f83-431a-a088-2aba93cb9dd9

ডিজিটেল ডেস্কঃ  সকলোৰে ইচ্ছা, এবাৰ লগ পোৱা!  এয়াই হ’ব তোমাৰ আৰু মোৰ শেষ দেখা। ৰৈ আছে জুবিনৰ বাবে সকলো। চলি আছে ছিংগাপুৰত প্ৰিয় শিল্পীজনক জনমভূমিলৈ অনাৰ প্ৰক্ৰিয়া। ছিংগাপুৰ জেনেৰেল হাস্পতালত মৃত্যুৰ সঠিক কাৰণ উদঘাটনৰ বাবে আটপ্সী (autopsy) সম্পন্ন হোৱাৰ পিছতো থাকিব কিছু আনুষ্ঠানিকতা।

এটা কফিনৰ ভিতৰত আলফুঁলে শুৱাই দিয়া হ’ব তেওঁৰ নিথৰ দেহ। সাজু কৰি থোৱা বিমানত সেই কফিন উঠিলেই ঘৰমুখী হ’ব জুবিন গাৰ্গ। কিমান যে মানুহ তেওঁৰ বাবে ৰৈ আছে ইয়াত! হাতত ফুল, মুখত তেওঁৰ গীত আৰু চকুত চকুপানী লৈ...।

২০ছেপ্টেম্বৰ। এই দিনটোতেই ওপজিছিল জয়ন্ত হাজৰিকাও। এজন শিল্পী জন্মদিনৰ দিনাই আনজন শিল্পীৰ চিৰবিদায় সভা। সাজু কৰি থোৱা হ’ব খানাপাৰা। ফুলৰ বেদীত শুৱাই দিয়া হ’ব জুবিন গাৰ্গক। কোনোবাই ছটিয়াব ফুল, কোনোবাই আঁতৰৰ পৰাই প্ৰিয় শিল্পীগৰাকীলৈ যাঁচিব অশ্ৰু অঞ্জলি।

জুবিন গাৰ্গ