/asomiyapratidin/media/media_files/2025/12/19/new-ap-web-8-3-2025-12-19-21-45-33.jpg)
ডিজিটেল ডেস্কঃ খানাপাৰাস্থিত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষি পৰিৱেশ পৰ্যটন (Agro Eco Tourism) সংক্ৰান্তীয় প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃষি উদ্যোগীসকলক প্ৰথম আৰু শেষৰ দিনা আমন্ত্ৰিত প্ৰশিক্ষকসকলে কৃষি পৰ্যটনৰ পৰিসৰ, প্ৰসাৰ, প্ৰচাৰ, ব্যৱসায়িক দিশ, বহনক্ষমতাকে ধৰি বিভিন্ন বিষয় সাঙুৰি প্ৰশিক্ষণ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/90ab201a-dbcd-416f-b56f-31aa3fda72c3-2025-12-19-21-43-39.jpg)
দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে প্ৰশিক্ষাৰ্থীসকলক সোণাপুৰৰ কলং-কপিলীত থকা একুৱা টেক পাৰ্কলৈ ব্যৱহাৰিক প্ৰশিক্ষণৰ উদ্দেশ্যে লৈ যোৱা হয়। প্ৰশিক্ষাৰ্থীসকলৰ ক্ষেত্ৰ পৰিদৰ্শনৰ অভিজ্ঞতা বৰ্ণনাৰ অন্তত প্ৰমাণ পত্ৰ প্ৰদানেৰে অনুষ্ঠানৰ সামৰণি পৰে।ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰাজীৱ ভূঞাই আতঁ ধৰা উক্ত প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/ede5fbea-1f25-4a58-b16d-d8c9e2283c79-2025-12-19-21-44-03.jpg)
অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুচিঁৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ জয়ন্ত কুমাৰ শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষণ, খানাপাৰাৰ বিজ্ঞানী ৰঞ্জিত বেজবৰুৱা, কৃষি সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া ক্ৰমে খগেন্দ্ৰ শৰ্মা, এম. পি. ৰওনিয়াৰৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়াসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/19/3b78603b-8eaa-4a02-966b-96c3c07459c2-2025-12-19-21-44-17.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us