/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-11-11-24-new-2-2025-12-25-19-51-25.jpg)
ডিজিটেল ডেস্কঃ অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয়টো দিন। গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক কুমুদ বৰুৱাৰ উপন্যাস ‘লাষ্ট বেঞ্চাৰ’ উন্মোচন কৰে ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। ভাল গ্ৰন্থৰ চাহিদা থাকিব বুলি মন্তব্য কৰি তেওঁ ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখনৰ ৫৫ টা সংস্কৰণ মুকলি হোৱাটোৱে পাঠকৰ ৰুচিবোধ আৰু গ্ৰন্থৰ প্ৰতি থকা আগ্ৰহৰ কথাকে প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-2025-12-25-19-49-40.jpeg)
উল্লেখ্য যে, ভাষণ প্ৰসংগত তেওঁ সাংবাদিকৰ দৃষ্টিকোণেৰে বিদ্যালয় আৰু সমাজৰ লাষ্ট বেঞ্চত বহাসকলক লৈ লিখা গ্ৰন্থখনে পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷ কন্যাকুমাৰী শইকীয়াই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ তপন দত্তই বক্তব্য দাঙি ধৰা পৰিলক্ষিত হয়।
ইপিনে অনুষ্ঠানত লেখক কুমুদ বৰুৱাই গ্ৰন্থখনৰ সৃষ্টিৰ আঁৰৰ কথা কয় ৷ উন্মোচনী সভাত অভ্যাগতসকলক আদৰণী জনাই পানীগাঁও প্ৰগতি সংঘৰ উপদেষ্টা বিপুল বৰা, সম্পাদক শোণিত দত্ত বৰা আৰু গুৱাহাটীৰ নৃত্য নাট্যমৰ অধ্যক্ষ প্ৰকাশ বৰুৱাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-19-49-57.jpeg)
এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয় যে- পাঠকৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা এতিয়াও হ্ৰাস পোৱা নাই ৷ ই নিৰ্ভৰ কৰে গ্ৰন্থখনৰ মানদণ্ডৰ ওপৰত ৷ প্ৰেৰণাদয়ক আৰু মানুহৰ মন চুই যোৱা গ্ৰন্থ বিচাৰি পাঠকে এতিয়াও হাবাথুৰি খোৱা দেখিছো ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই গ্ৰন্থমেলাতে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ স্বনিৰ্বাচিত ২৬ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-19-50-23.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us