/asomiyapratidin/media/media_files/2026/03/02/fesfsfs-2026-03-02-20-54-33.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলত মোক্ষম আঘাত হানি দেওবাৰে নিশা ইউপিপিএল দলৰ পৰা পদত্যাগ কৰি আজি অনুমান কৰাৰ ধৰণে বিপিএফ দলত যোগদান কৰে বিটিচি পৰিষদৰ বিৰোধী দলপতি খাম্পা বৰগয়াৰীয়ে।
আজি কাজলগাঁৱত বিপিএফ দলৰ এক দলীয় কাৰ্য্যসূচীত বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেওঁক দললৈ আদৰণি জনাই । উক্ত দলীয় যোগদান কাৰ্য্যসূচীত খাম্পা বৰগয়াৰীৰ উপৰি ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা প্ৰাক্তন পাৰিষদ মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু যুৱ ইউপিপিএলৰ প্ৰাক্তন সভাপতি তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্মই, ইউপিপিএল দলৰ সম্পাদক আফজাল খানেও ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলৰ দলীয় জনসভাত যোগদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/whatsapp-image-2026-03-02-20-52-19.jpeg)
ইফালে, আজিৰ দলীয় যোগদান কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ আগত কাজলগাঁৱৰ আলাইখুংগ্ৰী পথাৰৰ পৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, বিপিএফ দলৰ উপ সভাপতি শুদ্ধ বসুমতাৰী, পাৰিষদ জেমছ বসমতাৰী, শুকুৰসিং মুছাহাৰীসহ কেইবা সহস্ৰাধিক দলীয় সমৰ্থক সকলক লৈ "দিছপুৰ চলো যাত্ৰা" শীৰ্ষক বৃহৎ সমদল উলিয়াই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি কাজলগাঁও সাপ্তাহিক বজাৰ প্ৰেক্ষাগৃহত উপস্থিত হয়। উক্ত প্ৰেক্ষাগৃহত দলীয় জনসভা অনুষ্ঠিত হোৱাৰ আগতেই দলৰ মহিলা কোষৰ পৰা সদস্যা সকলে কেক কাটি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ জন্মদিৱস উদযাপন কৰে। দলীয় নেতা কৰ্মী সকলে সমস্বৰে তেওঁলোকৰ প্ৰিয় নেতা হাগ্ৰামা মহিলাৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেখেতৰ দীৰ্ঘজীৱী হোৱাৰ কামনা কৰে।
এই সভাত বিটিচিৰ বিৰোধী দলপতি তথা ইউ পি পি এল দলৰ নেতা খাম্পা বৰগয়াৰী, ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউ পি পি এল দলৰ যুৱ গোটৰ প্ৰাক্তন সভাপতি ড০ ছাংগ্ৰাং ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷ চিৰাং জিলা বিপিএফৰ সভাপতি জেমছ বসুমতাৰীয়ে পৰিচালনা কৰা জনসভাত ভাষণ প্ৰদান কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, অহা ১৩ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোকৰাঝাৰত আহিব ৷ বিটিচিৰ বাবে এইয়া এক ভাল খবৰ ৷ প্ৰধান মন্ত্ৰী আহিব মানে বিটিচিৰ বাবে ভাল খবৰ লৈ আহিব ৷ তেওঁ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাজত নিৰ্মাণ হ'বলগীয়া নতুন ৰেল পথৰ আধাৰশিলা স্থাপন কৰিব বুলি মত ব্যক্ত কৰে| লগতে তেওঁ যমদুৱাৰৰ পৰা ভালুকপুঙৰ মাজত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ পোষকতা কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/whatsapp-image-2026-03-02-20-52-42.jpeg)
হাগ্ৰামা মহিলাৰীয়ে ভাষণত ৰাইজক বিগত বিটিচি নিৰ্বাচনত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থীক সহায় কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয়, দলক সহায় কৰিলে ৰাইজকে সহায় কৰিব ৷ মহিলাৰীয়ে পূৰ্বৰ বিপিএফৰ নেতা, বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী, ইউ পি পি এল নেতা মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু ড০ ছাংগ্ৰাং ব্ৰহ্মই বিপিএফত যোগদানে দলক শক্তিশালী কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচি এলেকাৰ ১৫ সমষ্টিত বিপিএফ, বিজেপি দল হিচাপে নহয় এনডিএ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব আৰু বিজয়ী হব ।
আনহাতে, চিৰাঙৰ চাৰিটাকৈ ব্লক সমিতিৰ পৰা উপস্থিত থকা কেবা হেজাৰ দলীয় কৰ্মীৰ ওপৰত অনুষ্ঠিত জনসভাত বিপিএফৰ যুৱ গোটৰ সভাপতি ৰিঞ্জয় বড়োই বিপিএফৰ বিটিচি প্ৰশাসনে কৰি থকা কাম কাজৰ ওপৰত বিষদ আলোচনা দাঙি ধৰে ৷ সভাত বিপিএফত নতুনকৈ যোগদান কৰা খাম্পা বৰগয়াৰীয়ে ভাষণৰ প্ৰাৰম্ভণিতে কয় যে, হোম চুইট হোম। কাৰণ ২০০৩ চনত বিটিচি চুক্তিৰ পিছত আমিয়ে বিপিএফ দলৰ জন্ম দিছিলো। আমাৰ মাজত কিছু মনোমালিন্য হোৱাত বিগত বছৰত বিপিএফ দল ত্যাগ কৰি মই ইউপিপিএল দলত যোগদান কৰিছিলো । কিন্তু বিপিএফ দলৰ পৰা আঁতৰি ইউপিপিএল দলত এটা বছৰ কাম কৰাৰ পিছত অনুভৱ কৰিলো যে বিপিএফ দল এৰি বেলেগৰ লগত থাকিলে বিটিচি চুক্তিৰ যি মুল উদ্দেশ্য তাৰ পৰা আঁতৰি যোৱা হব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। ঠিক তেনেদৰে মাউতি ব্ৰহ্ম হাজোৱাৰীয়েও ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্বৰ কামকাজৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। একেদৰে, ডঃ ছাংগ্ৰাং ব্ৰহ্মই ইউপিপিএল দলৰ নেতৃত্বক মিছলীয়া আখ্যা দিয়ে, তেওঁলোকে ৰাজনীতিৰ নামত সৰ্বসাধাৰণ ৰাইজক ঠগিছে যাৰ কাৰণে আজি তেওঁলোকৰ এই পৰিস্থিতি হৈছে বুলিও মন্তব্য কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/02/whatsapp-image-2026-03-02-20-53-03.jpeg)
উল্লেখযোগ্য যে, আজিৰ বিপিএফ দলৰ জনসভাত খাম্পা বৰগয়াৰীৰ জ্যেষ্ঠ ভ্ৰাতৃ দুগাৰকী প্ৰাক্তন প্ৰশাসনিক বিষয়া জীতেন বৰগয়াৰী আৰু প্ৰাক্তন শিক্ষা ৰবিশংকৰ বৰগয়াৰীয়ে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। তাৰ লগতে ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা মুঠ ১৬০ গৰাকী নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাবে বিপিএফ দলত যোগদান কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us