/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-05-12.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমান আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰেক ৰহমানে আজি প্ৰায় ১৭ বছৰীয়া স্ব-আৰোপিত নিৰ্বাসনৰ অন্ত পেলাই বাংলাদেশলৈ উভতি আহে।
বৃহস্পতিবাৰে ঢাকাৰ হযৰত শাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁক অভূতপূৰ্ব আদৰণি জনোৱা হয়। পুৱাৰে পৰা হেজাৰ হেজাৰ বি এন পি সমৰ্থক আৰু দলীয় কৰ্মীয়ে বেনাৰ আৰু প্লেকাৰ্ড লৈ বনানী বিমানবন্দৰ পথেৰে খোজকাঢ়ি বিমানবন্দৰ অভিমুখে ৰাওনা হয়। সমগ্ৰ পথছোৱাত সমৰ্থকসকলৰ বিপুল উৎসাহ দেখিবলৈ পোৱা যায়।
তাৰেক ৰহমানৰ সৈতে তেওঁৰ পত্নী জুবেদা ৰহমান আৰু কন্যা জাইমা ৰহমানো লণ্ডনৰ পৰা ঢাকা অভিমুখে যাত্ৰা কৰে। যাত্ৰাৰ পূৰ্বে লণ্ডনৰ হিথ্ৰো বিমানবন্দৰৰ পৰা তেওঁলোকৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তেওঁৰ কন্যা জাইমা ৰহমানে ফেচবুকত এখন আৱেগিক ফটো শ্বেয়াৰ কৰি লিখে, "নিজ মাতৃভূমি বাংলাদেশলৈ উভতি আহিছোঁ!"
উল্লেখ্য যে, ২০০৮ চনৰ পৰা লণ্ডনত বসবাস কৰি থকা তাৰেক ৰহমানৰ বিৰুদ্ধে পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ দিনত কেইবাটাও গুৰুতৰ গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ২০২৪ চনত ছাত্ৰ-জনতাৰ গণ-অভ্যুত্থানৰ জৰিয়তে হাছিনা চৰকাৰৰ পতন ঘটাৰ পিছত আদালতৰ পৰা তেওঁ সকলো গোচৰত দোষমুক্ত হয়। ইয়াৰ ফলতেই তেওঁৰ স্বদেশলৈ উভতি অহাৰ পথ প্ৰশস্ত হয়।
বৰ্তমান সমগ্ৰ ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। বি এন পিয়ে তেওঁলোকৰ এই নেতাগৰাকীক আদৰিবলৈ এক বিশাল জনসভাৰো আয়োজন কৰে। বিশাল জনসভাত ভাষণ দি তাৰেক ৰহমানে আমেৰিকাৰ কৃষ্ণাংগ নেতা মাৰ্টিন লুথাৰ কিঙৰ শৈলীত কয়, "দেশৰ বাবে মোৰ এটা বিশেষ পৰিকল্পনা আছে।" তেওঁ সকলো জাতি-ধৰ্মৰ লোকক লগত লৈ এখন সুৰক্ষিত আৰু গণতান্ত্ৰিক বাংলাদেশ গঢ়াৰ সংকল্প গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, প্ৰত্যাৱৰ্তনৰ পিছতেই তাৰেক ৰহমানে হাস্পতালত চিকিৎসাধীন হৈ থকা অসুস্থ মাতৃ খালেদা জিয়াক সাক্ষাৎ কৰিবলৈ ৰাওনা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us