শতায়ু গৰকা খগেন বৰঠাকুৰৰ দেহাৱসান...

khagen borthakur
khagen borthakur

ডিজিটেল সংবাদ নগাওঁঃ নগাঁৱৰ তুলসীমুখ- দেউৰীগাঁৱৰ নিবাসী খগেন বৰঠাকুৰৰ যোৱা ৭ অক্টোবৰৰ পুৱতি নিশা নিজা বাসভৱনত দেহাৱসান ঘটে। গড়কাপ্টানি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া বৰঠাকুৰে ১৯২২ চনত নগাঁও জিলাৰ তুলসীমুখ- দেউৰীগাঁৱত জন্মগ্ৰহণ কৰিছিল।

গড়কাপ্টানি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া বৰঠাকুৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ লগতে ব্ৰাহ্মণ সমাজতো আগস্থান দখল কৰিছিল। সমাজৰ প্ৰতি দায়ৱদ্ধ বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তিত অঞ্চলটোৰসকলো স্তৰতে গভীৰ শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in