/asomiyapratidin/media/media_files/2026/02/27/hydretaionnn-2026-02-27-18-05-53.jpg)
ডিজিটেল ডেস্কঃ মানৱ শৰীৰক আটাইতকৈ প্ৰয়োজনীয় পদাৰ্থ বিধেই হৈছে পানী। দেহত যাতে পানীৰ পৰিমান হ্ৰাস নাপায় আৰু মানৱ শৰীৰ যাতে সজীৱ হৈ থাকে অৰ্থাৎ হাইড্ৰেটেড হৈ থাকে তাৰ বাবে কেনভিউ নামৰ কোম্পানীটোৱে প্ৰয়াস কৰিছে। এই কোম্পানীটোৱে ORSL TM আৰু eRZL TMৰ সৈতে এক কৌশল ঘোষণা কৰিছে।
কেনভিউৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, এই পদক্ষেপে ডায়েৰিয়া আৰু দৈনন্দিন হাইড্ৰেচন এই দুয়োটাৰ সৈতে মোকাবিলা কৰাৰ সমাধান আগবঢ়াইছে। eRZL TMয়ে পানীৰ তুলনাত দ্ৰুত হাৰত হাইড্ৰেচন প্ৰদান কৰে। পূৰ্বৰ তুলনাত এতিয়া eRZL TMত আছে ১.৪ গুণ অধিক ইলেক্ট্ৰলাইট আৰু পূৰ্বৰ তুলনাত ৮ গুণ হ্ৰাস পাইছে চেনীৰ পৰিমান।
eRZL TM ইলেক্ট্ৰলাইট ড্ৰিংকত তিনিটা গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট ক্ৰমে ছডিয়াম, পটাছিয়াম, ক্লৰাইড আছে। লগতে আছে ভিটামিন চিৰ সৈতে প্ৰকৃত ফলৰ ৰসৰ সংমিশ্ৰণ।
ডায়েৰিয়া বা ডিহাইড্ৰেচনৰ সৈতে মোকাবিলা কৰিবলৈ ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰি উলিওৱা ORSL TM কোম্পানীটোৰ ORS পৰ্টফলিঅ’ৰ ব্ৰেণ্ড নাম হৈ পৰিব। এই ORSL TM জুলীয়া আৰু পাউডাৰ দুয়োটা ফ’ৰ্মেটতে উপলব্ধ।
কেনভিউৰ ভাৰতৰ পৰিচালন সঞ্চালক মনীষ আনন্দানীয়ে কয় যে- “যিহেতু ডিহাইড্ৰেচন স্বাস্থ্যৰ ক্ষেত্ৰত এক চিন্তীয় দিশ, সেয়েহে আমি এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আমাৰ হাইড্ৰেচন পৰ্টফলিঅ’ উদ্ভাৱন আৰু সম্প্ৰসাৰণ কৰি আহিছো।”
ইফালে, ভাৰতৰ কেনভিউৰ বিজনেছ ইউনিটৰ মুৰব্বী-চেল্ফ কেয়াৰ প্ৰশান্ত সিন্দেয়ে কয় যে- শেহতীয়াকৈ স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত মানুহে অধিক মনোযোগ দিবলৈ আৰম্ভ কৰিছে। মানুহে নিজৰ দেহটো হাইড্ৰেট কৰি ৰাখিবৰ বাবে এনে ড্ৰিংক বিচাৰে য’ত বহু কম পৰিমানৰ চেনি থাকে আৰু লগতে যাতে কম কেলৰিযুক্ত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us