দৰ্জীৰ পুত্ৰৰ সৈতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ পুত্ৰই ক’ত পঢ়ে…

দৰ্জীৰ পুত্ৰৰ সৈতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ পুত্ৰই ক’ত পঢ়ে…

author-image
asomiyapratidin
New Update
দিল্লীত মেন অৱ দ্য ম’মেন্ট অৰবিন্দ কেজৰিৱাল…

ডিজিটেল ডেস্কঃদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পুত্ৰ পঢ়ি আছে একেলগে। কেজৰিৱালৰ পুত্ৰ পুলকিতে এই বৰ্ষৰ মে'ত ঘোষণা কৰা চি বি এছ চিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৬.৪ শতাংশ লাভ কৰি উত্তীৰ্ণ হৈছে। কেজৰিৱালৰ পুত্ৰই সেই ফলাফলৰ পাছত আই আই টিত অধ্যয়নৰ সুযোগ লাভ কৰিছিল।

Advertisment

মঙলবাৰে এই কথা সদৰী কৰি কেজৰিৱালে কয়- মই আটাইতকৈ সুখী। আই আই টি অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীত মোৰ ল'ৰাৰ সৈতে একেলগে পঢ়ি আছে দিল্লীৰ এজন দৰ্জীৰ পুত্ৰয়ো। দিল্লী চৰকাৰে 'ফ্ৰী কোচিং'ৰ ব্যৱস্থা কৰিছিল মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে।

সেই পাঠ্যক্ৰমত অংশ লৈ বিজয় কুমাৰ নাম এজন ছাত্ৰই আই আই টিত পঢ়াৰ সুবিধা লাভ কৰিছে। বিজয় কুমাৰৰ পিতৃ এজন দৰ্জী আৰু মাতৃ গৃহিণী। সেই খবৰ সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰি কেজৰিৱালে কয়- 'মোৰ পুত্ৰ আৰু এগৰাকী দৰ্জীৰ পুত্ৰই একেলগে আই আই টিত অধ্যয়ন কৰাতো মোৰ বাবে আটাইতকৈ সুখৰ খবৰ।' এই সন্দৰ্ভত কেজৰিৱালে এক টুইট কৰিছে। উল্লেখযোগ্য যে, কেজৰিৱালৰ কন্যা হৰ্ষিতা কেজৰিৱালো আই আই টিত অধ্যয়নৰত। লক্ষণীয় যে, কেজৰিৱালে নিজেও আই আই টি, খৰগপুৰত অধ্যয়ন কৰিছে।