জুবিন গাৰ্গক শেষ বিদায় জনাবলৈ যাওতে এইকেইটা কথা মনত ৰাখিব...

আপুনি নিশ্চয় যাব জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ। সৰুসজাই ষ্টেডিয়ামত ফুলেৰে সু-সজ্জিত বিচনাত চিৰনিদ্ৰাত থকা শিল্পীজনক অন্তিম দৰ্শন সুযোগ আপুনিও পাব।

author-image
Asomiya Pratidin
New Update
377

ডিজিটেল ডেস্ক : আপুনি নিশ্চয় যাব জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ। সৰুসজাই ষ্টেডিয়ামত ফুলেৰে সু-সজ্জিত বিচনাত চিৰনিদ্ৰাত থকা শিল্পীজনক অন্তিম দৰ্শন সুযোগ আপুনিও পাব। ২১ ছেপ্তেম্বৰৰ পুৱা ৯-০০ বজাৰ পৰা সন্ধিয়া ৭-০০ বজালৈকে প্ৰশাসনে জুবিন গাৰ্গক শেষবাৰৰ বাবে ৰাজহুৱা শ্ৰদ্ধা জনাবলৈ ব্যৱস্থা কৰি দি সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। অগণন লোকৰ সমাবেশ ঘটিব সেই স্থানত। সেয়েহে জুবিন গাৰ্গৰ কাষলৈ যাওতে তলৰ কথাকেইটা আপুনি জানি থোৱাটো অত্যন্তই প্ৰয়োজনীয়।

•    কাহিলিপাৰালৈ আপুনি গৈ লাভ নাই। তাত কেৱল পৰিয়ালৰ লোকৰ বাবেহে জুবিনক শেষবাৰৰ বাবে দৰ্শনৰ ব্যৱস্থা কৰা হৈছে।
•    ২১ ছেপ্তেম্বৰ ২০২৫ৰ পুৱা ৬-০০ বজাৰ পৰা সৰুসজাইৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কোনো ধৰণৰ বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব। নিশা ১১—০০ বজালৈকে পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।
•    সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অহা লোকসকল ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংমন পইণ্টতে বাহনৰ পৰা নামিব লাগিব।
•    ষ্টেডিয়ামৰ ভিতৰত গেট নং ১- এ ৰে প্ৰৱেশ কৰিব লাগিব।
•    শ্ৰদ্ধাঞ্জলি জনাই ষ্টেডিয়ামৰ গেট নং ৩ৰে প্ৰস্থান কৰিব লাগিব আপুনি।
•    সেই পথেৰে ওলাই নামঘৰ পথ অথবা হলি গগৈ পথলৈ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ ছাৰ্ভিছ ৰোডেৰে আগবাঢ়িব লাগিব।
•    ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো বাহন।
•    অত্যাৱশ্যকীয় সেৱা, জৰুৰীকালীন সেৱা, মিডিয়াৰ বাহনসমূহ কেৱল গেট নং ১চিৰে প্ৰৱেশ কৰি ইনড’ৰ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব।
•    ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ লখৰা ৰোডৰ অভাৰ ব্ৰীডৰ পৰা নলাপাৰা সৰুসজাই ষ্টেডিয়ামৰ সন্মুখলৈ চলিব নোৱাৰিব কোনো বাহন। অৱশ্যে খানাপাৰা দিশৰ পৰা অহা বাহনসমূহ লখৰা বিহুতলী, চাইকেল ট্ৰেক সাউকুছি, আই এছ বি টিৰ ওচৰত, বাঘোপুৰি, বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়ো সাহিত্য সভা, বি চি জৈন পাৰ্কিং, গণেশপাৰা, মইনা পাৰিজাত, বৰগাঁও পথত পাৰ্কিং কৰিব পাৰিব।
•    জালুকবাৰীৰ পৰা অহা বাহনসমূহ বশিষ্ঠ মন্দিৰ পথ, জি এম চি পাৰ্কিং, আই এছ বি টি, এ ডি আৰ পাৰ্কিং, বালাজী পাৰ্কিং আদিত ৰখাব পাৰিব।
•    চৰকাৰী আৰু আৰক্ষী প্ৰশাসনৰ বাহন ৰখাব লাগিব হকী ষ্টেডিয়াম ৰোডৰ দক্ষিণ গুৱাহাটী জুনিয়ৰ মহাবিদ্যালয়, হকী ষ্টেডিয়াম আদিত।

জুবিন গাৰ্গ