সামাজিক মাধ্যমত অপপ্রচাৰৰ অভিযোগত CIDৰ জালত অসম প্ৰদেশ কংগ্ৰেছৰ ৪ নেতা

চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু আটক কৰিছে CIDএ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-27 at 4.46.14 PM

ডিজিটেল ডেস্কঃ CIDৰ জালত পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৪ নেতা। প্ৰাক্তন বিধায়কসহ মুঠ ৪ কংগ্ৰেছ নেতা এতিয়া  CIDৰ । 

উল্লেখ্য যে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু আটক কৰিছে CIDএ। ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ উপেন ৰাজ নাথ, মাজুলী জিলা কংগ্ৰেছৰ নেতা জীৱেশ্বৰ গাম আৰু ৰূপহীৰ কংগ্ৰেছ নেতা বাহাৰুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে। 

প্ৰাণিধানযোগ্য যে সামাজিক মাধ্যমত AI ভিডিঅ’ প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক জনমানসত হেয় প্ৰতিপন্ন  কৰাৰ চেষ্টা কৰিছিল একাংশই। বিগ বি অমিতাভ বচ্চনৰ জনপ্ৰিয় শ্ব’‘কৌন বনেগা কৌড়পতি’ৰ  অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নাম লৈ AI ভিডিঅ’ নিৰ্মাণ কৰিছিল। তাৰ পাছতে CIDৰ জালত পৰিল এই  ৪ কংগ্ৰেছ নেতা। 

তাৰোপৰি,  ভিডিঅ’টো অমিতাভ বচ্চনে ‘কৌন বনেগা কৌড়পতি’ত এগৰাকী প্ৰতিযোগীক ভাৰতৰ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰাত  তাত চাৰিগৰাকী মুখ্যমন্ত্ৰীৰ নাম উল্লেখ আছিল। কিন্তু উত্তৰটো মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শর্মা বুলি উল্লেখ কৰিছিল। বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত এই ভিডিঅ’টো চৰ্চিত হৈ আছিল । 
বহুলোকে AIৰ জৰিয়তে প্ৰস্তুত কৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি আহিছিল বুলিও উল্লেখ কৰিছে। 

চাবুৱা