বছৰৰ অন্তিমটো দেওবাৰত বনভোজস্থলীত বনভোজ প্ৰেমীৰ ভিৰ

মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচিবাগি হৈ পৰিছে মতলীয়া ৷ কাৰ্বি পাহাৰৰ নামনিৰ মনোমোহা পৰিবেশৰ মাজত লগে ভাগে এসাজ খাই উৎসাহ উদ্দীপনা বোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস সকলোৰে ৷

author-image
Asomiya Pratidin
New Update
web picnic

ডিজিটেল ডেস্কঃ আজি বছৰৰ অন্তিমটো দেওবাৰ ৷ পুৰণিক বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি।  এই অন্তিমটো দেওবাৰত বনভোজস্থলীসমূহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। 

WhatsApp Image 2025-12-28 at 12.52.20 PM

কোনোৱে যদি আপোনজনৰ লগত আহিছে আন কোনোৱে আকৌ বছৰৰ অন্তিমটো দেওবাৰে পৰিয়ালৰ লগত অতিবাহিত কৰিছে। ইপিনে কাজিৰঙাৰ কাৰ্বি আংলং সীমান্তৱৰ্তী হাতী পাথৰ বনভোজস্থলীতো দেখা পোৱা গৈছে বনভোজ প্ৰেমীৰ ব্যাপক উছাহ।মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচিবাগি হৈ পৰিছে মতলীয়া ৷ কাৰ্বি পাহাৰৰ নামনিৰ মনোমোহা পৰিবেশৰ মাজত লগে ভাগে এসাজ খাই উৎসাহ উদ্দীপনা বোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস সকলোৰে ৷

image (23)

কাজিৰঙা বনভোজ