কাজিৰঙাত চাঞ্চল্য : পিতৃৰ কুঠাৰৰ আঘাতত পুত্ৰৰ মৃত্যু…

কাজিৰঙাত চাঞ্চল্য : পিতৃৰ কুঠাৰৰ আঘাতত পুত্ৰৰ মৃত্যু…

author-image
asomiyapratidin
New Update
কাজিৰঙাত চাঞ্চল্য : পিতৃৰ কুঠাৰৰ আঘাতত পুত্ৰৰ মৃত্যু…

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙাৰ কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গাপূৰ গাঁৱত দেওবাৰে সন্ধিয়া গোবিন্দ বৰা নামৰ ৬০ বছৰীয়া এজন ব্যক্তিয়ে নিজৰ একমাত্র পুত্র হেমন্ত বৰাক শুই থকা অৱস্থাত এখন কুঠাৰেৰে ঘপিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পুত্ৰ হেমন্ত আৰু পিতৃ গোবিন্দ বৰাই প্ৰায়েই মদ্যপান কৰি ঘৰত কাজিয়া কৰি আহিছিল। আনকি পত্নীক অত্যাচাৰ কৰি অহাৰ লগতে পিতৃ গোবিন্দ বৰাক মাৰপিট কৰি আহিছিল।

দেওবাৰে সন্ধিয়া মদ্যপান কৰি পিতৃৰ লগত কাজিয়াত লিপ্ত হয় হেমন্ত। কাজিয়াৰ পাছত বিছনাতে পুত্ৰক কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে । ইতিমধ্যে কঁহৰা আৰক্ষীয়ে হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে পিতৃৰ অভিযোগ পুত্ৰ হেমন্তই দৈনিক মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল। ইফালে নিহত হেমন্তৰ ঘৰত পত্নী আৰু দুটা কণমানি সন্তান আছে। কহঁৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷