/asomiyapratidin/media/media_files/2026/01/06/sccxcxcxxzdfvdfdfd-2026-01-06-09-29-00.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ বনভোজৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া জনজীৱনলৈ ৷ কাৰ্বি আংলঙৰ অন্তৰ্গত কহঁৰাৰ হাতীপাথৰ বনভোজ থলিৰ মাজেৰে বৈ অহা কহঁৰা নদীত পেলাই দিয়া বনভোজৰ আৱৰ্জনাই কলুষিত কৰিছে কহঁৰা নদীৰ পানী ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/capturebvvcvxcx-2026-01-06-09-26-23.jpg)
উল্লেখযোগ্য যে, কাৰ্বি পাহাৰৰ পৰা বৈ অহা নদীখন বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৷ কাৰ্বি আংলঙৰ হাতীপাথৰ বনভোজ থলিত বনভোজৰ দলে নদীলৈ নিক্ষেপ কৰা প্লাষ্টিকৰ সামগ্ৰীয়ে নদীখনৰ লগতে দুয়োপাৰত কদৰ্যময পৰিবেশৰ সৃষ্টি কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/capturevvcsdsdsdsds-2026-01-06-09-26-39.jpg)
খৰালি নদীত জমা হৈ থকা আৱৰ্জনা বোৰ বাৰিষা নদীৰ কোবাল সোঁতত উটি পৰেগৈ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৷ এনেক্ষেত্ৰত নদীৰ পাৰত বসবাস কৰা লোকৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে প্লাষ্টিকৰ আৱৰ্জনাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/capturevddasacxcxcxcxc-2026-01-06-09-26-54.jpg)
সমান্তৰালকে একেখন নদীৰ বন্যজীৱকুলে সেৱন কৰাৰ লগতে বিভাগীয় হস্তীকুলত গা ধুওৱা হয় নদীখনত ৷ বনভোজ থলিৰ পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ লগতে আন চৰকাৰী বিভাগৰ দায়িত্ব থাকে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us