/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-11-24-07.jpeg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ঠিকনা সলনি হ’ল কাজিৰঙাৰ চন্দ্ৰ আৰু কানাইৰ ৷ ২০২০ আৰু ২০২১ চনৰ বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা দুটা গঁড় পোৱালি উদ্ধাৰ কৰা হৈছিল কাজিৰঙাৰ কুঠৰি আৰু মিহিমুখৰ পৰা ৷
বন বিভাগে উদ্ধাৰ কৰা প্ৰায় এবছৰীয়া পোৱালি কেইটা লালন পালন কৰা হয় কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ৷ কেন্দ্ৰটোৰ কৰ্মচাৰী সকলে মৰমতে পোৱালি দুটাৰ নাম ৰাখিলে চন্দ্ৰ আৰু কানাই ৷ চিকিৎসক আৰু কৰ্মচাৰীৰ সন্তান সুলভ আব্দাৰৰ মাজত পাঁচ বছৰ বয়সত ভৰি দিয়া চন্দ্ৰ আৰু কানাই এতিয়া সবল সুঠাম ৷
স্বনিৰ্ভৰশীল হোৱা পোৱালি কেইটাক সেয়েহে বিচৰণৰ বাবে প্ৰয়োজন বিশাল এলেকাৰ ৷ গতিকে কেন্দ্ৰটো নিৰ্দিষ্ট গণ্ডীৰ পৰিৱৰ্তে গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ট্ৰেংকুইলাইজ কৰাৰ সলনি বিকল্প পদ্ধতিৰে গঁড় দুটাক বাহনত উঠাই লৈ অহা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷
দীৰ্ঘদিনীয়া বন্দীত্ব সদৃশ জীৱনৰ পৰিসমাপ্তিৰ অন্তত আজিৰে পৰা প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ আৰম্ভ হ’ল চন্দ্ৰ আৰু কানাইৰ ৷ আনহাতে গঁড় দুটা মুকলি কৰি দিব পৰাৰ বাবে আনন্দিত ইতিমধ্যে ২৫ টা গঁড় পৰিচৰ্যা কৰি প্ৰকৃতিৰ বুকুত মুকলি কৰাৰ অভিজ্ঞতাৰে পুষ্ট বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ কৰ্তৃপক্ষ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us