কন্ট্ৰল বাৰ্ণিংঃ পুনৰ দপদপাই জ্বলিল কাজিৰঙাৰ তৃণভূমি

পুনৰ জ্বলি উঠিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ শুকুৰবাৰে সন্ধিয়া কহঁৰা বনাঞ্চলত সংঘটিত অগ্নিকাণ্ডৰ পাছত দ্বিতীয়বাৰ দপদপাই জ্বলি উঠিল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল এলেকা ৷

author-image
Asomiya Pratidin
New Update
hjhkhddtyyy

ডিজিটেল সংবাদ, কাজিৰঙাঃ পুনৰ জ্বলি উঠিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ শুকুৰবাৰে সন্ধিয়া কহঁৰা বনাঞ্চলত সংঘটিত অগ্নিকাণ্ডৰ পাছত দ্বিতীয়বাৰ দপদপাই জ্বলি উঠিল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল এলেকা ৷

অগ্নিৰ লেলিহান শিখাই এফালৰ পৰা দাহ কৰি গ’ল উলু ,ইকৰা খাগৰি বন ৷ আকাশ ঢাকি ক’লা ধোঁৱাই আৱৰি ধৰিলে বিস্তীৰ্ণ এলেকা ৷ অৱশ্যে শুকুৰবাৰৰ সন্ধিয়াৰ দৰে এয়া অগ্নিকাণ্ড নহয় ৷ কাজিৰঙাৰ ডি এফ অ’ অৰুণ ভিগ্নেশে প্ৰকাশ কৰা মতে, এয়া শত বছৰ পূৰ্বৰে চলি অহা কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়া ৷

সাধাৰণতে এই সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহ-বন শোকাই যোৱাৰ বাবে খাদ্যৰ অনুপযোগী হৈ পৰে তৃণভোজী বন্যপ্ৰাণীৰ ৷ যাৰবাবে নতুন ঘাঁহে গজালি মেলাৰ সুবিধা কৰি দিয়া হয় কন্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়াৰে ৷ তদুপৰি ছাইবোৰৰ পৰাও মিনাৰেল সংগ্ৰহ কৰি পাৰে বন্যপ্ৰাণীয়ে ৷

আনহাতে কন্ট্ৰল বাৰ্ণিঙৰ সময়ত বন্যপ্ৰাণীৰ নিৰাপত্তা সন্দৰ্ভত বন বিষয়া গৰাকীয়ে প্ৰকাশ কৰে যে, যিহেতু খণ্ড খণ্ডকৈ ঘাঁহনি সমূহ জলোৱা হয় গতিকে বন্যপ্ৰাণী নিৰাপদ স্থানলৈ আঁতৰি যাব পাৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো ৰেঞ্জতে কন্ট্ৰল বাৰ্ণিং আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়া গৰাকীয়ে মন্তব্য কৰে ইয়াৰ দ্বাৰা পৰ্যটক সকলো লাভান্বিত হয় ৷ কিয়নো মুকলি হৈ পৰা তৃণভূমিত বিচৰণ কৰা বন্যপ্ৰাণী  সুন্দৰ ভাৱে প্ৰত্যক্ষ কৰিব পাৰে পৰ্যটকে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা