পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা ওলাই আহিল হাতী

এই চিকিৎসাধীন হাতীটোৱে ক্ষতিগ্ৰস্ত কৰিলে কেইবাটাও বাসগৃহ। CWRC কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে হাতীটোৱে ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
UKYURDASDSW

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া মেঠনীত হাতীয়ে চলালে উপদ্ৰৱ। পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ চমুকৈ CWRC ত চিকিৎসাধীন এটা হাতীয়ে উপদ্ৰৱ চলালে মেঠনী চাহ বাগিচাৰ লাইনত।

WhatsApp Image 2025-10-07 at 7.21.18 PM

এই চিকিৎসাধীন হাতীটোৱে ক্ষতিগ্ৰস্ত কৰিলে কেইবাটাও বাসগৃহ। CWRC কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে হাতীটোৱে ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগ ৰাইজৰ। ইফালে, খবৰ দিয়াৰ পিছতো বহু পলমকৈ উপস্থিত হয় কেন্দ্ৰটোৰ কৰ্মচাৰী। বন বিভাগৰ লোকো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ৰাইজৰ অভিযোগ দায়িত্বত অৱহেলাৰ বাবে হাতীটো কেন্দ্ৰটোৰ চাৰিসীমাৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।ইপিনে CWRC ৰ চিকিৎসকৰ মতে হাতীটো অন্ধ হোৱাৰ লগতে পৰিচিত মাউতজনৰ পৰিৱৰ্তে আন এজন মাউত থকাৰ বাবেহে এই ঘটনা সংঘটিত হবলৈ পালে। আনহাতে ৰাইজক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হব বুলি জনায় চিকিৎসকজনে।

কাজিৰঙা