/asomiyapratidin/media/media_files/2026/01/18/651-2026-01-18-12-36-15.jpg)
ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ্ৰমণৰ দ্বিতীয়টো দিন অৰ্থাৎ দেওবাৰে কলিয়াবৰত অনুষ্ঠিত বিশাল জনসভাত উপস্থিত থাকে। তাত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কাজিৰঙা এলিভেটেড ক'ৰিডৰ প্ৰকল্পৰ শিলান্যাস কৰে।
একেদৰে ৰিম'ট টিপি অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। এই বিশাল জনসমাৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠৰ গীত আওৰাই ভাষণ আৰম্ভ কৰে। অসমীয়াতে উপস্থিত ৰাইজক আন্তৰিক প্ৰণাম জনাই তেওঁ নিজৰ ভাষণত কয়- ৬৯৫৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব কাজিৰঙা এনিমেল কৰ্ডিনেটৰ। কাজিৰঙা নৈশ যাপন কৰি কাজিৰঙাৰ জীৱ-জন্তুক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।
তেওঁ কয়- অসম বীৰ যোদ্ধাৰ দেশ। ইমান সুন্দৰকৈ বাগুৰুম্বা প্ৰত্যক্ষ কৰি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰে কিয়নো অতি কষ্ট কৰি ইমান সুন্দৰকৈ নৃত্য পৰিদৰ্শন কৰিছে যিয়ে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে। যোৱা বৰ্ষত ঝুমুইৰ নৃত্যত অংশগ্ৰহণ কৰিছিলোঁ, এইবাৰ বাগুৰুম্বাত অংশগ্ৰহণ কৰিলোঁ। যোৱা বৰ্ষত নামৰূপ সাৰ খাৰখানা মুকলি কৰিলোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুন ভৱন মুকলি কৰিলোঁ বুলি তেওঁ কয়।
লগতে তেওঁ কয়- অসমৰ ইতিহাসত কলিয়াবৰ ঐতিহাসিক স্থান হিচাপে পৰিগণিত হৈছে। ইয়াৰ পৰাই লাচিত বৰফুকনে মোগল সম্ৰাটক খেদিবলৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। এই কলিয়াৰৰ পৰাই কাজিৰঙাৰ সোমোৱাৰ পৰিবেশ দুৱাৰ আৰম্ভ হৈছে, সেয়ে কলিয়াবৰৰ মহত্ব বিজেপি চৰকাৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
বিগত এক, ডেৰ বছৰৰ পৰা বিজেপি প্ৰতি মানুহৰ আকৰ্ষিত হৈ আহিছে। বিহাৰত বিজেপিয়ে ৰাইজৰ বিশ্বাসত আহিছে।মুম্বাইত বিজেপি জয়ী হৈছে। কাজিৰঙাত বিজয় উৎসৱ উদযাপন হৈ আছে। কেৰেলাৰ ৰাইজেও বিজেপিক আঁকোৱালি লৈছে, মেয়ৰ বনাইছে, কেৰেলাৰ ৰাজধানীত। বিজেপিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মানুহ বিজেপিমুখী হৈ আহিছে গোটেই ভাৰতবৰ্ষত।
কংগ্ৰেছক সমালোচনা কৰি কয়- কংগ্ৰেছৰ বৰ্তমান অৱস্থা শোচনীয় । মুম্বাইত জন্ম হোৱা কংগ্ৰেছ পাৰ্টী বৰ্তমান তাত পঞ্চম স্থানত উপনীত হৈছে। কংগ্ৰেছৰ বৰ্তমান উন্নয়নৰ প্ৰতি গুৰুত্বৰ নাই প্ৰতিশ্ৰুতি নাই। কাজিৰঙাৰ বিষয়ে ভাৰতৰত্ন ভূপেন হাজৰিকাই কোৱা আমাৰ কাজিৰঙা আমাৰ পূণ্য অসমীয়াৰ কাজিৰঙা কেৱল ৰাষ্ট্ৰীয় উদ্যানেই নহয় অসমৰ আত্মা।
কাজিৰঙা আৰু ইয়াৰ বন্য প্ৰাণীক সুৰক্ষা দিয়াই নহয়, অসমৰ ভৱিষ্যত আৰু আগন্তক প্ৰজন্মৰ বাবে অতি জৰুৰী।
কাজিৰঙা এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত যদিও বান পানীৰ সময়ত গঁড়ে ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ হ'ব ধৰোঁতে কেতিয়া বিপদত পৰি যায় দুৰ্ঘটনাত পতিত হয়। সেয়ে কলিয়াবৰৰ পৰা ৩৫ কিলোমিটাৰ দৰ্ঘ্যৰ হাইৱে বনোৱাৰ হব যাতে কাজিৰঙা বন্য প্ৰাণীৰ কোনো ক্ষতি নহয়।
অসমৰ বাবে নতুন সূচনা হ'ব এই এনিমেল কৰ্ডিনেটৰৰ বাবে। কাজিৰঙাত বৰ্তমান বিদেশী পৰ্যটকৰ বাঢ়ি আহিছে।
অসম চৰকাৰে বৰ্তমান কাজিৰঙাক সুৰক্ষিত কৰি ৰাখিছে ২০১৩-২৪ চনত তেতিয়াৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত গঁড় হত্যা হৈছিল আৰু বিজেপিয়ে গঁড় হত্যা বন্ধ কৰিবলৈ সক্ষম হৈছে। বন বিভাগক আধুনিকৰণ কৰাৰ পিছতেই গঁড় হত্যা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে এয়া অসম চৰকাৰ বাবেই এয়া হব পৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়- ২৬০ কোটিতকৈ অধিক গছ পুলি ৰোপন কৰি কৰি প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে। বিজেপিয়ে দেখুৱাই আছে উন্নয়নৰ লগতে প্ৰকৃতি সুৰক্ষা কৰা। ডবল ইঞ্জিনৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত উন্নয়ন কৰি আহিছে কিন্তু কংগ্ৰেছ চৰকাৰে এয়া কেতিয়াও কৰা নাই। কংগ্ৰেছ চৰকাৰে অসমত ২হাজাৰ কোটি দিছিল, বিজেপিয়ে ১০হাজাৰ কোটি টকা দিয়ে।
নৰ্থ ইষ্ট এতিয়া দূৰত নহয়, দিল্লীৰ ওচৰত। অসমৰ পৰিচয় ধৰি ৰাখিবলৈ অসমত বিজেপিয়ে যি ধৰে কাম কৰি আছে অবৈধ বেদখল মুক্ত কৰি আহিছে অসমৰ ঐতিহ্য ধৰি ৰাখিছে। কংগ্ৰেছ চৰকাৰে অবৈধ অনুপ্ৰৱেশৰ কাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ ফলত বিভিন্ন চৰকাৰী ভূমি অভয়াৰণ্যৰ ভূমিত বেদেশীৰ আগ্ৰাসন বাঢ়ি আহিছিল অসমৰ পৰম্পৰা ঐতিহ্য বিনষ্টৰ পথত আছিল বৰ্তমানো কংগ্ৰেছে । অসম আগবাঢ়িলে নৰ্থ ইষ্ট আগবাঢ়ে নৰ্থ ইষ্ট আগবাঢ়িলে ভাৰত আগবাঢ়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us