/asomiyapratidin/media/media_files/2025/12/17/482-2025-12-17-19-45-45.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসম চৰকাৰৰ কৃষি বিভাগৰ তেজপুৰস্থিত যুটীয়া সঞ্চালক কাৰ্য্যলয়ত কৰ্মৰত সহকাৰী কৃষি সঞ্চালক কৌস্তভ কান্ত পণ্ডিতৰ ১৪ ডিচেম্বৰত আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি ঘটে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সমাপ্ত কৰা পণ্ডিতে ১৯৯১ চনত অসম চৰকাৰৰ কৃষি বিভাগত কৃষি সম্প্ৰসাৰণ বিষয়া হিচাপে চাকৰিত যোগদান কৰি বিভিন্ন পদবীত ৰাজ্য খনৰ ভিন ভিন জিলাত সেৱা আগবঢ়াইছিল I
এজন অতি অমায়িক আৰু দক্ষ বিষয়া হিচাপে সমাদৃত পণ্ডিত আছিল এগৰাকী সুগায়ক। এনে এগৰাকী নিষ্ঠাৱান বিষয়াৰ মৃত্যুত অসম কৃষি সেৱা বিষয়া সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
সন্থাৰ সভাপতি মানৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাই প্ৰকাশ কৰা এক শোক বাৰ্তাত পণ্ডিতৰ মৃত্যু কৃষি বিভাগৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us