লক্ষীপুৰ নহয়, বৰখলাৰহে প্ৰাৰ্থী হ'ব মন্ত্ৰী কৌশিক ৰায়!

কাছাৰৰ সাতটা সমষ্টিৰ ভিতৰত বৰ্তমান সোণাই,কাটিগৰা আৰু বৰকলা সমষ্টি বিৰোধীৰ দখলত আছে যদিও বৰখলা কাটিগৰা সমষ্টি উদ্ধাৰ কৰিবলৈ উঠিপৰি লাগিছে শাসকীয় বিজেপি মিত্ৰজোঁটে।  এআইইউডিএফৰ  দখলত থকা

author-image
Asomiya Pratidin
New Update
kajdjd

ডিজিটেল সংবাদ, শিলচৰঃ  কাছাৰৰ সাতটা সমষ্টিৰ ভিতৰত বৰ্তমান সোণাই,কাটিগৰা আৰু বৰকলা সমষ্টি বিৰোধীৰ দখলত আছে যদিও বৰখলা কাটিগৰা সমষ্টি উদ্ধাৰ কৰিবলৈ উঠিপৰি লাগিছে শাসকীয় বিজেপি মিত্ৰজোঁটে।  এআইইউডিএফৰ  দখলত থকা সোণাই সমষ্টিক বাদ দি  কংগ্ৰেছৰ দখলত থকা বৰখলা আৰু কাটিগৰা সমষ্টি উদ্ধাৰ কৰিবলৈ সকলো প্ৰস্তুতি হাতত লৈছে বিজেপিয়ে।

সেই মতে, লক্ষীপুৰৰ‌ বিধায়ক তথা মন্ত্ৰী কৌশিক ৰায়ক বৰখলাত প্ৰক্ষেপ কৰি বৰখলা দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। আনহাতে  কংগ্ৰেছৰ দখলত থকা কাটিগৰা সমষ্টি এইবাৰ যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ ৰণনীতি গ্ৰহন কৰিছে শাসকীয় দলটোৱে। বৰ্তমান উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্হক কাটিগৰাত কাম কৰিবলৈ দি তেওঁকে কাটিগৰাত  প্ৰক্ষেপ কৰাৰ কথা ইতিমধ্যে চৰ্চিত হৈছে।

অলপতে বিজেপিত যোগদান কৰোৱাই কমলাক্ষ দে পুৰকায়স্হকে কাটিগৰাত প্ৰক্ষেপ কৰাৰ বাবে সাজু হৈছে শাসকীয় বিজেপি। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে এসময়ৰ সতীৰ্থ  কমলাক্ষ দে পুৰকায়স্হক কাটিগৰাত প্ৰক্ষেপ কৰিবলৈ‌ উঠিপৰি লাগিছে। অৱশ্যে বিজেপিৰ এটা গোষ্ঠীয়ে কমলাক্ষৰ বিপৰীতে স্হানীয় বিজেপি নেতাক কাটিগৰাত প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছে। এই গোষ্ঠীটোৰ প্ৰথম পচণ্ডৰ প্ৰাৰ্থী বিপ্লৱ কান্তি ওৰফে নীলু পাল।

নিত্য গোপাল দাসৰ নামো চৰ্চিত হৈছে বিজেপিৰ প্ৰাৰ্থী হিচাপে। স্হানীয় লোকেও কমলাক্ষ দেৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে।‌
ইফালে, কংৰ দুৰ্গ হিচাপে পৰিগণিত সোণাই সমষ্টিত এইবাৰ  প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰক প্ৰক্ষেপ কৰি কংগ্ৰেছ এআইইউডিএফৰ পৰা সমষ্টিটো উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছে।

আমিনুল‌ হক কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাতো এক প্ৰকাৰ নিশ্চিত হোৱাত বৰ্ত্তমানৰ বিধায়ক কৰিম উদ্দিন বৰভুঁঞাই এআইইউডিএফ ত্যাগ কৰি অগপত যোগদান কৰাৰ কথাও বেচ চৰ্চিত হৈছে। অগপত যোগদান কৰি কৰিম উদ্দিনে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰৱল।  

আনহাতে, বৰখলা উদ্ধাৰৰ বাবে কৌশিক ৰায়ক বৰখলাত প্ৰক্ষেপ কৰিলে লক্ষীপুৰত প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালাক প্ৰক্ষেপ কৰিব পাৰে বিজেপিয়ে। বৰ্তমানৰ বিধায়ক মিহিৰ কান্তি সোমৰ‌ ঠাইত উদাৰবন্দ সমষ্টিত ৰাজদীপ গোৱালাক বিজেপিৰ প্ৰাৰ্থী কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিয়ে। ইফালে লক্ষীপুৰত ৰাজদীপ গোৱালাক প্ৰক্ষেপ কৰিলে উদাৰবন্দত পুনৰ তৃতীয় বাৰৰ বাবে মিহিৰ কান্তি সোমকে প্ৰাৰ্থী প্ৰক্ষেপ কৰি উদাৰবন্দ নিজৰ দখলত ৰাখিব বিচাৰিছে বিজেপিয়ে।

কৌশিক ৰায়