কৰৈয়নীত কাতি বিহু উদযাপন : আকাশ বন্তি প্ৰজ্বলন অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ অংশগ্ৰহন

কলংপাৰ উত্তৰাঞ্চল বৃহত্তৰ আঞ্চলিক কৃষি আৰু সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা কৃষি বিভাগৰ সহযোগত কাতি বিহু উদযাপনৰ লগতে "আকাশ বন্তি প্ৰজ্বলন" নামেৰে এলানি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
7

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ কৰৈয়নী বামুণ গাঁৱত শনিবাৰে কাতি বিহু উদযাপন কৰা হয়। কলংপাৰ উত্তৰাঞ্চল বৃহত্তৰ আঞ্চলিক কৃষি আৰু সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা কৃষি বিভাগৰ সহযোগত কাতি বিহু উদযাপনৰ লগতে "আকাশ বন্তি প্ৰজ্বলন" নামেৰে এলানি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

WhatsApp Image 2025-10-18 at 8.38.12 PM

কাৰ্যসূচী অনুসৰি পুৱা বিহুৰ পতাকা উত্তোলন কৰে সমিতিৰ উপ সভাপতি নাৰায়ণ বৰাই। সন্ধ্যা সদ্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

WhatsApp Image 2025-10-18 at 8.38.10 PM

ইয়াৰ পিছতে কাতি বিহুৰ পৰম্পৰা অনুসৰি নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকাই তুলসী ভেটিত বন্তি প্ৰজ্জ্বলন কৰাৰ অন্তত অনুষ্ঠানটোত "আকাশ বন্তি প্ৰজ্বলন" কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। সমিতিৰ সাধাৰণ সম্পাদক দীপক হাজৰিকা আৰু সহকাৰী সম্পাদক প্ৰমোদ শইকীয়াই আঁত ধৰা অনুষ্ঠানত সমিতিৰ তৰফৰ পৰা অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত  বিভিন্ন সমস্যা সম্বলিত এখন স্মাৰক পত্ৰ সুকীয়া সুকীয়াকৈ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰদান কৰা হয়। সন্ধাৰে পৰা কাতি বিহুৰ অনুষ্ঠানটোত বঢ়মপুৰৰ শ্যাম-বনমালী নামৰ দলে দিহা নাম পৰিবেশন কৰে।

নগাঁও ৰূপক শৰ্মা কাতি বিহু