ধেমাজিত জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু  উদযাপন

ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত বিষ্ণুপুৰ পঞ্চায়ত কাৰ্য্যালয়ত শনিবাৰে কাতি বিহু উদযাপন কৰা লগতে মাহজাতীয় শস্য সম্পৰ্কে এখনি সজাগতা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা কৃষি বিভাগৰ উদ্যোগত বিষ্ণুপুৰ পঞ্চায়ত কাৰ্য্যালয়ত শনিবাৰে কাতি বিহু উদযাপন কৰা লগতে মাহজাতীয় শস্য সম্পৰ্কে এখনি সজাগতা অনুষ্ঠিত হয় ৷ ধেমাজি কৃষি বিভাগৰ মহকুমাৰ বিষয়া বদন লাহনে উদ্দেশ্যে ব্যাখ্যা কৰা পিছতেই সমল ব্যক্তি হিচাপে উপস্থিত থকা টেকজুৰি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মামনি বৰুৱাই বাপতিসাহোন কাতি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে।

লগতে কৃষকসকলে সাধাৰণতে কৃষিৰ ক্ষেত্ৰত ভোগা সমস্যা আৰু চৰকাৰৰ পৰা পোৱা কৃষি সামগ্ৰী সমূহৰ সৰ্ম্পকে পৰ্য্যলোচনা কৰে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত কুলদ্বীপ হাজৰিকাই বক্তব্যত কাতি বিহুৰ বৈজ্ঞানিক তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰে।

তেওঁ পৃথিৱী আৰু সূৰ্য্যৰ মাজত থকা দূৰত্ব সম্পৰ্কৰ থকা বুলি উল্লেখ কৰি শীতকালীন দিন হোৱা বাবে সূৰ্য্যৰ নিজৰ কক্ষপথ হেলনীয়াকৈ গুচি যোৱা বাবেই দিনসমূহ ছুটি হৈ পৰে আৰু ৰাতিসমূহ দীঘল হৈ পৰা কাৰণহে পৃথিৱীত সূৰ্য্যৰ উত্তাপ কমি
যায় ৷ এই সূৰ্য্যৰ উত্তাপ যাতে কমি নাযায় ইয়াৰ বাবেই সকলোৱে তুলসী তলত চাকি জ্বলাই সেৱা কৰা পূৰ্বৰে পৰাই আমাৰ
মাজত বিশ্বাসযোগ্যতা আছে বুলি কয় ৷

সেয়ে সূৰ্য্যক কৃষিজীৱি ৰাইজে মূলতঃ দেৱতা হিচাপে জ্ঞান কৰি প্ৰত্যেকটো কাতি বিহুতেই তুলসী তলত চাকি জ্বলাই সেৱা কৰি কাতি বিহু উদযাপন কৰি অহা মহত্ত্বৰ  তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰে ৷ সভাত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰ।

WhatsApp Image 2025-10-18 at 8.53.34 PM

তেওঁ বক্তব্যত ৰাজ্যৰ মুঠ ২২ খন জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে ৰাইজে পোৱা সুবিধা সমূহৰ দিশ বিষয়ে উল্লেখ কৰে। পূৰ্বতে থকা  ৪ কিঃমি দৃৰত্বৰ পৰা বৰ্তমানে ৫ কিঃমি লৈকে টাউন এলেকাৰ বৃদ্ধি কৰিছিল যদিও বসুন্ধৰা-২ ত দুয়োটা বন্ধ কৰি মাত্ৰ এক কিঃমিঃলৈকে কৰা হৈছিল বুলি উল্লেখ কৰে।

সভাত মাহ জাতীয় শস্যৰ সম্পৰ্কে বিতংকৈ বক্তব্য ৰাখে কৃষি উন্নয়ন বিষয়া সিদ্ধাৰ্থ শংকৰ শইকীয়াই ৷ সভাত ধেমাজি জিলা কৃষি বিষয়া তন্ময়জ্যোতি গগৈ , বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰষাৰাণী বৰা দত্ত , ধেমাজি মহকুমাৰ জনজাতি উন্নয়ন পৰিষদৰ সভাপতি মহন্ত নৰহকে ধৰি  বহুকেইগৰাকী অতিথি আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

সভাৰ শেষত অতিথিসকলৰ দ্বাৰা তুলসীৰ তলত চাকি জ্বলাই সেৱা কৰাৰ লগতে পথাৰতো সকলোৱে শাৰী পাতি একেলগে চাকি জ্বলাই কাতি বিহুৰ উদযাপন কৰে ৷ 

কাতি বিহু