কঠীয়াতলীৰ মামা বজাৰে আনিছে বাণিজ্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আশাৰ ৰেঙনী

বঢ়মপুৰ সমষ্টিৰ  বিধায়ক জিতু গোস্বামীৰ নিজা প্ৰচেষ্টাৰে বজাৰ মামাৰ শস্য আমাৰ টেগ লাইনৰে আৰম্ভ কৰা বজাৰখনত আধিপত্য আছে মহিলাসকলৰ।গ্ৰাম্য অঞ্চলৰ মহিলাসকলে উৎপাদিত সামগ্ৰী সমৃহ এই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ কঠীয়াতলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিশেষ বজাৰৰ শুভ উদ্বোধন কৰিছিল।যি খিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অকল ৰাজ্যতে নহয় বহিঃৰাজ্যতো "মামা " বুলি সকলোৱে মাজত চিনাকী লাভ কৰিছে তেনেসময়ত এইবাৰ স্থাপন কৰা হ'ল মামাবজাৰ।

উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিৰ  বিধায়ক জিতু গোস্বামীৰ নিজা প্ৰচেষ্টাৰে বজাৰ মামাৰ শস্য আমাৰ টেগ লাইনৰে আৰম্ভ কৰা বজাৰখনত আধিপত্য আছে মহিলাসকলৰ।গ্ৰাম্য অঞ্চলৰ মহিলাসকলে উৎপাদিত সামগ্ৰী সমৃহ এই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কিন্তু শেহতীয়াকৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক গৰাকীৰ নিজা প্ৰছেষ্টাত "মামা বজাৰত "গঢ়ি উঠিছে এখন সাংস্কৃতিক মঞ্চ। যি মঞ্চ খনে কঠীয়াতলী উন্নয়ন খণ্ডৰ এলেকাৰ বিভিন্ন গ্ৰাম্য অঞ্চলৰ সুপ্ত হৈ সাংস্কৃতিক প্ৰতিভা সমূহক ওলিয়াই আনি এই  মঞ্চ দিয়াৰ উদ্দেশ্য আগত অনুষ্ঠিত কৰি আহিছে এক প্ৰতিযোগিতা। 

প্ৰতি সপ্তাহৰ শনি আৰু দেওঁবাৰে কঠীয়াতলী উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহৰ শিল্পী সকলৰ মাজত অনুষ্ঠিত কৰি অহা হৈছে এই প্ৰতিযোগিতাৰ।প্ৰতিদিনে এখন পঞ্চায়তে গীত নৃত্য পৰিবেশন কৰিবলৈ সুযোগ পোৱা এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পঞ্চায়ত খনক পুৰস্কৃত কৰাৰো ব্যৱস্থা কৰিছে বিধায়ক গৰাকীয়ে।শনিবাৰে অনুষ্ঠিত হয় কামপুৰৰ তেঁতেলীসৰা পঞ্চায়তৰ কাৰ্যসূচী।

তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে শুভ উদ্বোধন কৰা অনুষ্ঠানটোত তেঁতেলীসৰা গাঁওপঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দাস,আঞ্চলিক সদস্য হেমন্তু দাস,পঞ্চায়ত খনৰ উপ -সভাপতি অতুল চন্দ্ৰ লস্কৰ ;সমাজকৰ্মী কৰ্মী কল্যান ৰাজখোৱা,কলিয়াবৰ জিলা বি জে পিৰ কৃষান মৰ্চাৰ উপসভাপতি জয়ন্ত বৰা আদি কৰি পঞ্চায়ত খনৰ সদস্য -সদস্যা সকল উপস্থিত থাকে। অনুষ্ঠান পঞ্চায়ত খনৰ অন্তুৰ্গত ত্ৰিশতকৈ অধিক শিল্পীয়ে নৃত্য -গীত কৰি নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

বঢ়মপুৰ