সোনোৱালী পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলীৰ কৃষকসকলে ব্যস্ত হৈ পৰিল সোণ গুটি চপোৱাত।এই দৃশ্য কঠীয়াতলীৰ। গাঁৱৰ ডেকা-গাভৰু সকলো ওলাই আহিছে ধাননী পথাৰলৈ।

author-image
Asomiya Pratidin
New Update
new ap web  3 (2)

ডিজিটেল সংবাদ,কামপুৰঃ সোণ গুটি চপোৱাত ব্যস্ত কৃষকসকল। সোণ গুটিৰে সোনোৱালী হৈছে পৰিছে পথাৰসমূহ । পথাৰত এতিয়া চহা কৃষক আৰু দাৱনীৰ সীমাহীন ব্যস্ততা। 

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলীৰ কৃষকসকলে ব্যস্ত হৈ পৰিল সোণ গুটি চপোৱাত।এই দৃশ্য কঠীয়াতলীৰ। গাঁৱৰ ডেকা-গাভৰু সকলো ওলাই আহিছে ধাননী পথাৰলৈ। 

উল্লেখ্য যে চহা কৃষক আৰু দাৱনী সকলে বিহু গীত, নৃত্যৰ লগতে কাচিঁ কেচকেচ শব্দয়ে মুখৰিত হয় সোনোৱালী পথাৰ। সপোনৰ সোণ গুটিৰে সোনোৱালী হৈ পৰা পথাৰ খনিত লখিমীক ঘৰলৈ আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষক।

তাৰোপৰি বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত শষ্য উৎপাদন যথেষ্ঠ পৰিমানে উন্নত হোৱা বুলি কৃষকে মন্তব্য কৰা পৰিলক্ষিত হয়।কৃষকে মুৰৰ ঘাম মাটিত পেলায় কৰা কষ্টৰ ফল আৰু বছৰটোৰ বাবে যুগুত কৰা সোন গুটি সুন্দৰ ভাৱে বছৰটো পাৰ হ'ব বুলি আশা বাদী চহা কৃষকসকল ।

কঠীয়াতলী